আহিনৰ আবতৰীয়া বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Sep 29, 2022, 1:28 PM IST

kaziranga

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ প্লাবিত কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (world heritage site Kaziranga) ৷

কাজিৰঙা, ২৯ ছেপ্টেম্বৰ : আহিনৰ আবতৰীয়া বানত কাজিৰঙাত আপদ (flood in Kaziranga National Park) । আহিনৰ বানত আহুকলীয়া পৰিস্থিতি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ প্লাবিত কৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (world heritage site Kaziranga) ৷

উদ্যানখনৰ দুখনকৈ বনাঞ্চলত প্ৰৱেশ কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী । বুঢ়াপাহাৰ বনাঞ্চলৰ নামনি অংশৰ ৪০ শতাংশ অঞ্চল বৰ্তমান জলমগ্ন বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ৷

বুঢ়াপাহাৰ বনাঞ্চলৰ হাতীকেম্প আৰু কঁহৰা বনাঞ্চলৰ আৰিমৰা বন শিবিৰ এলেকা বৰ্তমান জলমগ্ন । উল্লেখ্য যে ২ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে (Kaziranga National park will open on 2nd october) ।

তাৰ মাজতে এই আবতৰীয়া বানৰ বাবে সমস্যাত পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ।

লগতে পঢ়ক :ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত নাও: সন্ধানহীন প্ৰশাসনৰ কেইবাগৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.