দেৰগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ

author img

By

Published : Oct 12, 2020, 3:18 PM IST

গোলাঘাটৰ দেৰগাঁৱত দেওবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা। বাইক আৰু ওৱেগনাৰৰ মুখামুখি সংঘৰ্ষত এজন যুৱক নিহত।

গোলাঘাট, ১২ অক্টোবৰ: গোলাঘাটৰ দেৰগাঁৱত বাইক আৰু ওৱেগনাৰৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল এজন যুৱকৰ। দেওবাৰে নিশা ঘৰলৈ আহি থাকোতে হেমচন্দ্ৰ গোস্বামী পথৰ বঙাল গাঁৱত এই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত যুৱকজনৰ নাম মিলনাভ গোস্বামী। মিলনাভৰ ঘৰ কুৰালগুৰিত। মিলনাভ গোস্বামী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুৰ সদস্য আছিল। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।


লগতে পঢ়ক:গৃহ সমষ্টিৰ প্ৰতিবাদৰ সন্মুখীন বিধায়ক আজিজ আহমেদ খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.