বোকাখাতত 'জল-জীৱন মিছন' আঁচনি ৰূপায়নৰ নামত দুৰ্নীতি

author img

By

Published : Sep 27, 2021, 8:13 PM IST

Corruption in jala jiyan scheme at Bokakhat

জল জীৱন আঁচনিৰ নামত ভেকোঁভাওনা ৷ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ, নিম্নমানৰ কামেৰে ঠিকাদাৰে সৰকাইছে আঁচনিৰ ধন ৷

বোকাখাত, 27 ছেপ্তেম্বৰ : ৰাজ্যত সৰ্বত্ৰে কেৱল দুৰ্নীতি আৰু প্ৰহসনৰ অভিযোগ ৷ এইবাৰ অভিযোগৰ আঙুলি উঠিছে জল জীৱন আঁচনিৰ ওপৰত ৷ কিয়নো ৰাইজৰ অভিযোগ, বোকাখাত সমষ্টিৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্ৰান্তত পানী যোগানৰ নামত চৰকাৰী আঁচনিৰ কোটি কোটি টকা হৈছে লুণ্ঠন ৷

জল জীৱন আঁচনিৰ অভিযানৰ কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰথম পৰ্যায়ৰ কামৰ বিপৰীতে ২৭ খন জিলাত মুঠ ২১০৩ টা আঁচনিৰ বিপৰীতে প্ৰশাসনিক অনুমোদন দিছে । এই ২১০৩ টা আঁচনিৰ বিপৰীতে ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৩২৭৭৪৬.২৯ লাখ টকা ।‌‌ ইয়াৰে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ২৮০২২৩.৬১ লাখ টকা ।‌‌ ৰাজ্য চৰকাৰে খৰচ কৰিব লাগিব ৩১১৩৬.৯০ লাখ টকা ।

বোকাখাতত 'জল-জীৱন মিছন' আঁচনি ৰূপায়নৰ নামত দুৰ্নীতি

ইফালে শেহতীয়াকৈ ৰাজ্যত হৈ যোৱা বানপানীত বানাক্ৰান্ত ৰাইজে এটুপি খোৱাপানীৰ বাবে কৰি আহিছে হাহাকাৰ ৷ এনে অৱস্থাত চৰকাৰে ঘৰে ঘৰে পানী যোগান আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিলে, যদিও খোৱাপানী যোগানৰ এই আঁচনি যেন এতিয়া একাংশ ঠিকাদাৰৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ ৷ ৰাইজৰ অভিযোগ, খোৱাপানী যোগানৰ নামত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাত যেন একাংশ ঠিকাদাৰে চৰকাৰী বিষয়াৰে মিলি চলাই গৈছে লুণ্ঠনৰাজ ৷

শেহতীয়াকৈ বোকাখাত সমষ্টিৰ বিভিন্ন অঞ্চলত পানী যোগানৰ নামত চৰকাৰী আঁচনিৰ কোটি কোটি টকাৰ ধন লুণ্ঠনৰ উঠিছে গুৰুতৰ অভিযোগ ৷ অভিযোগ উঠিছে, বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত বানে গৰকা কুৰুৱাবাহীসত্ৰ আৰু নিকৰি পানী যোগান আঁচনিত । স্থানীয় ৰাইজৰ অভিযোগ, কেৱল ঠিকাদাৰৰ স্বাৰ্থতহে স্থাপন হয় বিশুদ্ধ পানী যোগান আঁচনি । কিন্তু প্ৰতি বছৰে পাইপ সলনি কৰিও জনসাধাৰণক যোগান ধৰিব নোৱাৰে বিশুদ্ধ এটুপি খোৱা পানী । বোকাখাতৰ কুৰুৱাবাহী সত্ৰ আৰু নিকৰি সংলগ্ন জনসাধাৰণৰ বাবে জল জীৱন আঁচনিৰ পাইপ স্থাপন কৰিছে মাত্ৰ এক ফুটৰ পৰা ডেৰফুটৰ তলত ।

এনেদৰেই নিম্নমানৰ কাম কৰি দায়িত্ব সামৰিছে একাংশ ঠিকাদাৰ আৰু গুৱাহাটীৰ জেনেল টেকনলজি কোম্পানিয়ে । DPRৰ মতে আঢ়ৈ ফুটৰ পৰা তিনি ফুট দ কৈ সংস্থাপিত হ’ব লাগে পানী যোগানৰ পাইপ । তাকে নকৰি ঠিকাদৰে জনসাধাৰণৰ উপকাৰহীন ভাৱে কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । সেয়েহে এই কেলেংকাৰীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে তদন্ত কৰি দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ভৰপুৰ কলিয়াবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.