24 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন শিবিৰ

author img

By

Published : Sep 23, 2022, 9:47 PM IST

Chintan Sibir at Kaziranga

অহা ২৪ ছেপ্তেম্বৰৰ পৰা কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব চিন্তন বৈঠকত ৷ ২৪ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chintan Sibir at Kaziranga)।

বোকাখাত, ২৩ ছেপ্টেম্বৰ: অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ বাবে নৱচিন্তা-চৰ্চাৰ উদ্দেশ্যে অহা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ কাজিৰঙাত চিন্তন শিবিৰ অনুষ্ঠিত কৰা হ'ব (Chintan Sibir at Kaziranga)। ২৪ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

চিন্তন শিবিৰৰ প্ৰথম দিনা সদ্ গুৰু উপস্থিত থাকি তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়াব (Sadhguru to participate in Chintan Sibir) । দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰ তাৰিখে শ্ৰী শ্ৰী ৰবি শংকৰে প্ৰৱচন আগবঢ়াব । তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত হ'বলগীয়া চিন্তন শিবিৰত উপস্থিত থাকিব অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ, অন্ধ্রপ্ৰদেশৰ মুখ্য সচিৱ আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ উপৰিও ৰাজ্যৰ (অসম) বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ (Chintan Sibir in Assam)।

24 ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন শিবিৰ

অহা ২৪ ছেপ্টেম্বৰৰ পৰা কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা চিন্তন বৈঠকত আধ্যাত্মিক দিশতো গুৰুত্ব প্ৰদান কৰি নিমন্ত্ৰণ কৰা হৈছে পণ্ডিত ৰবিশংকৰৰ লগতে সদ্ গুৰুক (BJP Chintan Sibir) ৷

বৈঠকত উপস্থিত থাকিব উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যসচিব ৷ কৰ্ণাটকৰ আয়ুক্ত গৰাকী মুখ্য বক্তা হিচাবে উপস্থিত থাকিব ৷ বিভিন্ন ৰাজ্যৰ লগতে অসমত কৰ্মৰত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ কেইবাগৰাকীও বিষয়াই বৈঠকত অংশ ল’ব ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতি হ’ব লগীয়া এই বৈঠকত বিশেষ ভাৱে পথ আৰু আন্তগাঁঠনি উন্নয়নৰ ওপৰত বিষয়া সকলৰ লগত মত বিনিময় কৰা হ’ব ৷

লগতে পঢ়ক: পুনৰ খোল খালে ভূটানৰ গেলেফু গেট, উৎফুল্লিত সীমান্তবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.