ছাত্ৰীলৈ অশ্লীল মেছেজ অধ্যাপকৰ ; উত্তাল প্ৰতিবাদ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ

author img

By

Published : Nov 22, 2021, 10:18 PM IST

Chandra Nath Bezbaruah College

অধ্যাপকে ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াক কেন্দ্ৰ কৰি উত্তাল চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়(Chandra Nath Bezbaruah College) ৷ মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক আফটাফিজুৰ ৰহমানৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷

বোকাখাত, 22 নৱেম্বৰ : অধ্যাপকে ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াক কেন্দ্ৰ কৰি উত্তাল চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়(Chandra Nath Bezbaruah College) ৷ মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰীলৈ ম'বাইলত অশ্লীল মেছেজ দিয়াৰ অভিযোগ ইংৰাজী বিভাগৰ অধ্যাপক আফটাফিজুৰ ৰহমানৰ বিৰুদ্ধে ৷

ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি, বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়(CNB College) একাংশ ছাত্ৰীলৈ অশ্লীল মেছেজ কৰে আফটাফিজুৰ ৰহমানে ৷ একাংশ ছাত্ৰীয়ে বদনাম হোৱা ভয়তে লুকুৱাই ৰাখিছিল আউটাফিজুৰ ৰহমানৰ অশ্লীল মেছেজৰ বিষয়টো ৷

তাৰ মাজতে দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল মেছেজ দিয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে লিখিতভাৱে মহাবিদ্যালয়ৰ অধ্যক্ষক আউটাফিজুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ দিয়ে ৷ কথাটো জনাজাত হোৱাৰ পাছতে লগে লগে ছাত্ৰ-ছাত্ৰীসকল একগোট হৈ অধ্যাপকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল কৰি তুলে মহাবিদ্যালয়খনৰ চৌহদ ৷

উত্তাল প্ৰতিবাদ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ

ইতিমধ্যে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰমাণ সহকাৰে অভিযোগ দাখিল কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীক ৷ ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগৰ ভিত্তিত অধ্যাপক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে অধ্যক্ষ গৰাকীয়ে ৷ তদুপৰি বিভাগীয় কৰ্তৃপক্ষক বিষয়টো সন্দৰ্ভত অৱগত কৰা হ'ব বুলি জানিবলৈ দিছে অধ্যক্ষ গৰাকীয়ে ৷

ইফালে, ছাত্ৰ-ছাত্ৰীৰ অভিযোগক সম্পূৰ্ণৰূপে নসাৎ কৰিছে অধ্যাপক আউটাফিজুৰ ৰহমানে ৷ আউটাফিজুৰ ৰহমানৰ মতে, কোনো ছাত্ৰীক অশ্লীল মেছেজ দিয়া নাই ৰহমানে ৷

লগতে পঢ়ক: Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.