Devjit Bora VS Ajanta Neog : গোলাঘাট বিজেপিত অন্তঃকন্দল !

author img

By

Published : Jan 21, 2023, 12:39 PM IST

Devjit Bora VS  Ajanta Neog

গোলাঘাটত অন্তঃকন্দলত জৰ্জৰিত হৈছে বিজেপি দল । এইবাৰ গোলাঘাটত তুংগত উঠিছে ন-পুৰণি বিজেপি কৰ্মীৰ সংঘাট । গোলাঘাটত অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষাদগাৰ প্ৰদৰ্শন কৰিলে ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিৎ বৰাই (Devjit Bora criticized Ajanta Neog) ।

অন্তঃকন্দলত জৰ্জৰিত হৈছে বিজেপি দল

তিতাবৰ, 21 জানুৱাৰী : গোলাঘাট বিজেপিত চলিছে অন্তঃকন্দল । মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে মুকলি বিষাদগাৰ কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰাৰ । সংবাদ মাধ্যমৰ জৰিয়তে এটাৰ পিচত আন এটা বিস্ফোৰক মন্তব্য কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে (Devjit Bora criticized Ajanta Neog) ।

গোলাঘাট সমষ্টিত পুৰণি বিজেপি কৰ্মীক এলাগী কৰি অজন্তা নেওগ এণ্ড কোম্পানীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ । গোলাঘাট বিজেপিৰ ভিতৰ চ’ৰাত দীৰ্ঘদিন ধৰি উমি উমি জ্বলি থকা জুইকুৰা শেহতীয়াকৈ প্ৰতিফলন ঘটিল পুৰণি বিজেপি নেতা দেৱজিৎ বৰাৰ মুখত । 2011 চনত বিজেপি দলৰ প্ৰাৰ্থী দেৱজিৎ বৰাই 2021 চনৰ বিধান সভা নিৰ্বাচনৰো প্ৰাৰ্থী হিচাপে অন্যতম দাবীদাৰ আছিল গোলাঘাট সমষ্টিত ।

কিন্তু কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা বিধায়িকা অজন্তা নেওগৰ বাবেই দলীয় সিদ্ধান্ত মানি লৈ নিজৰ চিট এৰি দিছিল বৰ্তমানৰত অজন্তা নেওগক । সেই সময়তো ন-বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত তুণমূল প্ৰতিবাদৰ জোৱাৰ উঠিছিল গোলাঘাট সমষ্টিত । কিন্তু প্ৰবীণ কৰ্মী দেৱজিৎ বৰাৰ হস্তক্ষেপত শাম কাটিছিল বিদ্ৰোহৰ উকমুকনি ।

লগতে পঢ়ক : Nalbari Municipality Board orders to vacate shops: পদপথত থকা দোকানসমূহ খালী কৰাৰ নিৰ্দেশ নলবাৰী পৌৰসভাৰ

2021 চনত পোন প্ৰথমবাৰৰ বাবে গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগে বিজেপি দলৰ হৈ জয় লাভ কৰি মন্ত্ৰী হোৱাৰ পাচতেই এলাগী হৈ পৰিল পুৰণা নেতা কৰ্মীসকল । সম্প্ৰতি গোলাঘাট সমষ্টিত পুৰণা বিজেপি কৰ্মীক এলাগী কৰি মন্ত্ৰী অজন্তা নেওগে ন-বিজেপি কৰ্মীক সকলোটে উঠি ৰজা বহি ৰজা পাতি দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে দেৱজিৎ বৰাৰ সহিতে বিজেপিৰ পুৰণা কাৰ্যকৰ্তাসকল ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্বকো অভিযোগ কৰিছে দেৱজিৎ বৰাই । ইফালে বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, কোনো কাৰণতেই গোলাঘাটত ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰিবলৈ দিয়া নহ’ব । এতিয়া প্ৰশ্ন হয়, ৰাজ্যিক বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিৎ বৰাৰ এনে বিদ্ৰোহৰ পাচত দলীয় নেতৃত্ব তথা অজন্তা নেওগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Ajanta Neog in Dhubri; 2024 ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি : অজন্তা নেওগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.