ৰাজ্যত আৰম্ভ কৰা হ’ল ' জনজাতীয় বিশ্বাস আৰু সংস্কৃতি 'শীৰ্ষক নতুন বিভাগ

author img

By

Published : Sep 20, 2021, 10:46 PM IST

bishwajit-daimary-along-with-tribal-delegates-visits-archeological-sites

বৰপথাৰত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ জনজাতীয় প্ৰতিনিধিৰ দল ৷ টেঙানী আলিছিঙা প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন কৰিলে দলটোৱে ।

সৰুপথাৰ, 20 ছেপ্টেম্বৰ : ' জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ' শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে অসমৰ জনজাতীয় তথা খিলঞ্জীয়া ভূমি-পুত্ৰ সকলৰ প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱা ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তাৰেই অংশ হিচাপে সোমবাৰে বিশেষ ক্ষেত্ৰ সমুহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে গোলাঘাট জিলাৰ বৰপথাৰৰ আলিছিগা টেঙানীত উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ এক জনজাতীয় প্ৰতিনিধিৰ দল ।

আলিছিগা টেঙানীস্থিত সপ্তম-অষ্টম শতিকাৰ কছাৰী ৰজা দিনীয়া ৰাজহাউলি, মন্দিৰ আদিকে প্ৰমুখ্য কৰি অঞ্চলটোৰ বিভিন্ন প্ৰত্ন-তাত্বিক স্থান তথা সমল সমুহ উক্ত জনজাতীয় প্ৰতিনিধিৰ দলটোৱে পৰিদৰ্শন কৰে । এই বিশেষ প্ৰতিনিধিৰ দলটোত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপৰিও অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক ভূপেন বড়ো আৰু বিধায়িকা নন্দিতা গাৰ্লোচাও উপস্থিত আছিল ।

ৰাজ্যত আৰম্ভ কৰা হ’ল ' জনজাতীয় বিশ্বাস আৰু সংস্কৃতি 'শীৰ্ষক নতুন বিভাগ

পৰিদৰ্শন কালৰ শেষত সাংবাদিকৰ সৈতে হোৱা মুখা-মুখিত বিধান সভাৰ অধ্যক্ষগৰাকীয়ে জনায় যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে 'জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ' শীৰ্ষক এক নতুন বিভাগ খুলিছে আৰু এই বিভাগৰ বাবে সম্প্ৰতি ১০০ কোটি টকা ধাৰ্য কৰা হৈছে ।

উল্লেখ যোগ্য যে, এই বিভাগৰ জৰিয়তে অসমত থকা বিভিন্ন ঐতিহাসিক স্থান সমূহ বিধান সভাৰ অধ্যক্ষ, উপাধ্যক্ষ তথা বিধায়ক সকলে পৰিদৰ্শন কৰিব । শেষত বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে পুনৰ জনায় যে, পৰিদৰ্শন কালৰ মূলতে হ'ল অসমৰ খিলঞ্জীয়াৰ ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা । অধ্যক্ষ গৰাকীয়ে আলিচিঙা টেঙানীৰ প্ৰত্নতাত্বিক স্থান সংৰক্ষণ আৰু সংবৰ্ধনেৰে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক : নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.