পূজা চাবলৈ যোৱা কিশোৰীক ডিঙি ৰেপি হত্যাৰ চেষ্টা

author img

By

Published : Oct 3, 2022, 8:47 PM IST

Attempted strangulation of teenager

সোমবাৰে পূজা চাবলৈ যোৱা এগৰাক কিশোৰীক মেলাথলীৰ সমীপতেই বাইকেৰে যোৱা দুই আৰোহীয়ে টানি লৈ গৈ ডিঙি ৰেপি থৈ যায় (Attempted strangulation of teenager) ৷

গোলাঘাট, 3 অক্টোবৰ: ৰাজ্যজুৰি আনন্দ উল্লাহৰ মাজতে গোলাঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Crime case in Golaghat) ৷ সোমবাৰে পূজা চাবলৈ যোৱা এগৰাক কিশোৰীক মেলাথলীৰ সমীপতেই বাইকেৰে যোৱা দুই আৰোহীয়ে টানি লৈ গৈ ডিঙি ৰেপি থৈ যায় (Attempted strangulation of teenager) ৷

গোলাঘাটৰ নতুনমাটি হাইস্কুলৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ কিশোৰীগৰাকীৰ ঘৰৰ লোকে কোৱা অনুসৰি দুজন যুৱকে কিশোৰী গৰাকীক ডিঙিত চোকা অস্ত্ৰৰে ৰেপি পেলাই থৈ যায় (Attempt to murder in Golaghat) ৷

পূজা চাবলৈ যোৱা এগৰাকী কিশোৰীক ডিঙি ৰেপি হত্যাৰ চেষ্টা

তাৰ পিছতেই কিশোৰীগৰাকীক পৰি থকা দেখি ওচৰৰ লোক গোট খাই ঘৰৰ লোকক খবৰ দিয়ে ৷ কিশোৰী গৰাকীৰ নাম অঞ্জলি মাল (15) বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক চিকিৎসাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷

বৰ্তমান কিশোৰী গৰাকী চিকিৎসাধীন অৱস্থাত আছে ৷ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ বৰ্তমানলৈ কিশোৰীগৰাকীক হত্যাৰ চেষ্টা চলোৱা যুৱক দুজনৰ সন্দৰ্ভত একো জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:চামগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.