HSLC exam paper leak: শিক্ষকৰ ওপৰত দোষৰ ভাৰ জাপি ছেবাক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা ডাইনেমিক মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 17, 2023, 9:25 PM IST

CM on HSLC exam paper leak

যত দোষ নন্দ ঘোষ, অসমীয়াত প্ৰচলিত এই বাক্যশাৰী যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়োগ কৰিলে ৰাজ্যৰ শিক্ষক সমাজৰ ক্ষেত্ৰত ৷ ছেবা আৰু শিক্ষা বিভাগৰ ব্যৰ্থতা ঢাকিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ দোষ জাপি দিলে শিক্ষকৰ ওপৰত ৷ ছেবাৰ সংস্কাৰৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে (CM on HSLC exam paper leak) ৷

ছেবাৰ সংস্কাৰৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

গোলাঘাট, 17 মাৰ্চ: ‘‘ছেবাৰ সংস্কাৰৰ প্ৰয়োজন নাই, শিক্ষক সকলৰহে সংস্কাৰৰ প্ৰয়োজন আছে ৷’’ নিজৰ চৰকাৰৰ বিভাগ তথা প্ৰতিবাৰেই বেমেজালিৰে চৰ্চালৈ অহা ছেবাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা অসমৰ জনপ্ৰিয় তথা ডাইনেমিক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য এয়া । 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰ্তমানলৈকে দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে ছেবা তথা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ (HSLC question paper leak) ৷

সাধাৰণ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পাচতে এই পৰীক্ষাৰ স্বচ্ছতাক লৈ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৷ কিন্তু তেনে সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগতে শাসকীয় দলৰ একাংশ মন্ত্ৰী-বিধায়কে কৰিছে উদ্ভৎ মন্তব্য ৷ মুখ্যমন্ত্ৰীয়ে ছেবা আৰু শিক্ষাবিভাগক দায়মুক্ত কৰি সমস্ত দোষ জাপি দিলে শিক্ষা বিভাগৰ ওপৰত ৷ একেদৰে বিজেপি দলৰ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে মন্তব্য কৰিছে যে, প্ৰশ্নকাকত ফাদিল হোৱাতো কোনো ডাঙৰ কথা নহয় ৷ এখোপ ওপৰলৈ গৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৈছে যে, এয়া সকলো বিৰোধীৰ চক্ৰান্ত (BJP leaders on HSLC exam paper leak) ৷

লগতে পঢ়ক: HSLC question paper leak: বিস্ফোৰক তথ্য ! সকলো বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক্লিন খুমটাই অভিযানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিবৰ বাবে উপস্থিত হয় দেৰগাঁৱৰ মিছামৰাৰ বৰটিকা খেল পথাৰত । এই অনুষ্ঠানৰ অন্তত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইটোৰ পিচত সিটো বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক লৈ সাংবাদিকে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীক (Assam HSLC paper leak news) ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, যিসকল শিক্ষকৰ ওপৰত আস্থা ৰখা যায়, সেইসকল শিক্ষকেই যেতিয়া আস্থা ভংগ কৰে তেতিয়া সমাজ কোন দিশে গতি কৰিব । ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নহ’বৰ বাবেই প্ৰশ্ন কাকত ফাদিল হোৱা পৰীক্ষা সমূহ একেলগে দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, পৰীক্ষা পিচুৱাই দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে মনোবল হ্ৰাস নকৰি মাজত ব্যৱধান আছে বুলি ধৰি লৈ পৰীক্ষাত বহিলে উপকৃত হ’ব ৷ অন্যথা নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিলেহে ছাত্ৰ-ছাত্ৰী সকলক অন্যায় কৰা হ’ব বুলি তেওঁ সদৰী কৰে (Assam CM alleged teachers for HSLC paper leak) ।

‘‘প্ৰশ্ন কাকত ফাদিলৰ এই কামটো কোনো ৰাজনীতিবিদে কৰা নাই, কোনো ছাত্ৰই কৰা নাই, কোনো সামাজিক সংগঠনে কৰা নাই ৷ এই কামটো কৰিছে শিক্ষকে । অসমৰ ৰাইজ আৰু শিক্ষক সমাজে পুনৰ এবাৰ আত্মমন্থন কৰা উচিত ।’’ মুখ্যমন্ত্ৰীৰ মন্তব্য ৷ যেতিয়া চেন্টাৰ ইনচাৰ্জে প্ৰশ্ন কাকত ফাদিল কৰাৰ কথা গম পাই তেতিয়া উদক ভেটা ৰখীয়া পতাৰ দৰেই ঘটনা হয় বুলি উল্লেখ কৰে ড৹ শৰ্মাই (Himanta Biswa Sarma slams teachers) ।

লগতে পঢ়ক: HSLC exam paper leaked: কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?

শিক্ষকসকল যদি সমাজত কলংকিত হৈ পৰে, সমাজক ৰাস্তা কোনে দেখুৱাব । ই চৰকাৰৰ সন্মুখত যিমান ডাঙৰ প্ৰশ্ন তাতকৈ সমাজৰ সন্মুখত ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে । ইয়াক লৈ সমগ্ৰ সমাজে চিন্তা কৰা উচিত । ছেবাৰ সংস্কাৰৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাখি কয় যে, ছেবাৰ সংস্কাৰৰ কোনো কথা নাই, শিক্ষক সকলৰহে সংস্কাৰৰ প্ৰয়োজন আছে (HSLC exam paper leak row)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.