বোকাখাতত গৰুৰ চোৰাং বেহা: ট্ৰাকৰ ভিতৰত 45 টা মৃত গৰু উদ্ধাৰ

author img

By

Published : Sep 19, 2022, 2:15 PM IST

Updated : Sep 19, 2022, 2:27 PM IST

45 dead cows found inside the truck

বোকাখাতত অব্যাহত আছে চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ বেহা (Cow smuggling at Bokakhat)৷ বোকাখাতৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে আৰক্ষীৰ অভিযানত মৃত গৰুসহ এখন ট্ৰাক জব্দ কৰে (45 dead cows found inside the truck) ৷

বোকাখাত, 19 ছেপ্টেম্বৰ: বোকাখাতত অব্যাহত আছে চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ বেহা (Cow smuggling at Bokakhat)৷ সোমবাৰে বোকাখাতৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত গৰুসহ এখন ট্ৰাক জব্দ কৰে ৷

বোকাখাতৰ ৰজাবাৰীৰ পৰা চামুগুৰিলৈ লৈ অহা হৈছিল চোৰাং গৰুকেইটা ৷ আৰক্ষীয়ে এই অভিযানত ট্ৰাকখনৰ পৰা প্ৰায় 46 টা গৰু জব্দ কৰে ৷ দুৰ্ভাগ্যৱশতঃ উদ্ধাৰ কৰা 45 টাকৈ গৰুৱে বাহনখনৰ ভিতৰত মৃত্যুৰ মুখত পৰে (45 dead cows found inside the truck)৷

বোকাখাতত গৰুৰ চোৰাং বেহা: ট্ৰাকৰ ভিতৰত 45 টা মৃত গৰু উদ্ধাৰ

আৰক্ষীয়ে এই অভিযানত ট্ৰাকখনৰ চালক মুচাৰফ হুছেইনক আটক কৰিছে ৷ বোকাখাতৰ ৰজাবাৰীৰ পৰমা দাস নামৰ লোকজনৰ চৌহদৰপৰা গৰুসমূহ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰে চালকজনে ৷

লগতে পঢ়ক: এইবাৰ চিলিণ্ডাৰৰ ভিতৰত ওলাল হেৰ’ইন

Last Updated :Sep 19, 2022, 2:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.