অমানৱীয় : বিদ্যুতৰ তাঁৰৰ ফান্দ পাতি মৃত্যুৰ মুখলৈ ঠেলি দিলে বন্যহস্তীক

author img

By

Published : Oct 16, 2021, 9:55 PM IST

wild-elephant-killed

গোৱালপাৰা দৰংগিৰিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ । পথাৰত ধান খাবলৈ আহি বিদ্যুতৰ তাঁৰত লাগি মৃত্যু বন্যহস্তীটোৰ ।

গোৱালপাৰা, 16 অক্টোবৰ : গোৱালপাৰা দৰংগিৰিত উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ । পথাৰত ধান খাবলৈ আহি বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় বন্যহস্তীটোৰ । বিশ্বায়নৰ যুগত যে মানৱতাৰ অপমৃত্যু হৈছে পুনৰবাৰ তাৰেই উদাহৰণ দাঙি ধৰিলে মানৱৰূপী একাংশ দানবে । বনৰীয়া হাতীক বিদুৎ লগাই হত্যা কৰি মানৱীয় গুণৰ চৰম অৱক্ষয়ৰ উদাহৰণ দাঙি ধৰিলে এচাম হৃদয়হীন লোকে ।

অমানৱীয় : বিদ্যুতৰ তাৰৰ ফান পাতি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ’ল বন্যহস্তীক

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দৰংগিৰিৰ শান্তিপাৰা অঞ্চলত । অঞ্চলটোৰ সচেতন মহলৰ অভিযোগ অনুসৰি, কোনো দুৰ্বৃত্তই বনৰীয়া হাতী এটাক ধাননি পথাৰত বৈদুতিক তাঁৰ লগাই নৃশংসভাৱে হত্যা কৰাৰ লগতে হাতীটোৰ শৰীৰৰ কেইবাটাও অংশ কাটি লৈ যায় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰংজুলি আঞ্চলিক বন বিভাগে প্ৰাথমিক তদন্ত কৰিছে ৷

ইয়াৰ লগতে চিকিৎসকৰ দল উপস্থিত হৈ মৰোণত্তৰ পৰীক্ষা কৰাৰ পিছত হাতীটো বৈদুতিক তাঁৰ লগাই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে, ঘটনা সম্পৰ্কত সম্পূৰ্ণ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে ৰংজুলি আঞ্চলিক বন বিষয়াই ।
লগতে পঢ়ক : মূলসুঁতিলৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.