Wangala Festival 2022 : দুদিনীয়াকৈ চুটিপাৰাত আয়োজন ৱাংগালা উৎসৱ 2022

Wangala Festival 2022 : দুদিনীয়াকৈ চুটিপাৰাত আয়োজন ৱাংগালা উৎসৱ 2022
গোৱালপাৰা জিলাৰ চুটিপাৰা গাঁৱৰ খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৱাংগালা উৎসৱ (Wangala Festival Celebrate in Goalpara) ৷ গাৰো সাংস্কৃতিক মঞ্চ আৰু গাৰো ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আয়োজিত এই উৎসৱত এটা ৱাংগালা দল মেঘালয়ৰ দাদাংগ্ৰে গাঁৱৰ আৰু আন নটা অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ দলে অংশগ্ৰহণ কৰে ।
বকো, 27 নৱেম্বৰ : গোৱালপাৰা জিলাৰ চুটিপাৰা গাঁৱৰ খেলপথাৰত গাৰো সাংস্কৃতিক মঞ্চ আৰু গাৰো ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত যোৱা শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ 100 ঢোল ৱাংগালা উৎসৱৰ আয়োজন কৰা হয় (Wangala Festival Celebrate in Goalpara) । দুদিনীয়াকৈ আয়োজিক এই উৎসৱত দহটা গাৰো পৰম্পৰাগত ৱাংগালা নৃত্যৰ দলে অংশগ্ৰহণ কৰে । এটা ৱাংগালা দল মেঘালয়ৰ দাদাংগ্ৰে গাঁৱৰ আৰু আন নটা দল হৈছে অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ ।
এই উৎসৱত অংশগ্ৰহণ কৰি গাৰো সাংস্কৃতিক মঞ্চৰ সভাপতি দেশাল বিমিক আৰ মৰাকে কয়, ‘‘ৱাংগালা মহোৎসৱ প্ৰতি বছৰে কেৱল মেঘালয়তে পালন কৰা হয় । কিন্তু প্ৰথমবাৰৰ বাবে আমি অসমত বসবাস কৰা গাৰো মানুহে ইয়াত চুটিপাৰাত (জাজং কদোৰাম) উদযাপন কৰিছো’’ ।
লগতে পঢ়ক : Nakhanda drama festival 2022 : নখান্দা নাট মহোৎসৱত মঞ্চস্থ খাৰাতাল নাট
এই উৎসৱত, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, পৰিষদৰ কাৰ্যবাহী কাউন্সিলাৰ ফ্ৰাইলিন আৰ মাৰাক, আদিত্য ৰাভা, নগৰমল স্বৰ্গীয়াৰী, গাৰো ছাত্ৰ সন্থাৰ অসম ৰাজ্যিক মণ্ডলৰ সভাপতি ফল্ডিন আৰ মৰাককে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই উৎসৱত (Wangala Festival 2022)৷ এই উৎসৱত গাৰোসকলৰ থলুৱা খেল প্ৰতিযোগিতা, থলুৱা খাদ্য উৎসৱো মহোৎসৱত অন্তৰ্ভুক্ত কৰা হয় ।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই কয়, ‘‘গাৰো সাংস্কৃতিক মঞ্চই তেওঁলোকৰ সংস্কৃতি ৰক্ষাৰ বাবে অতি উত্তম পদক্ষেপ গ্ৰহণ কৰিছে ৷ অসমত প্ৰথমবাৰৰ বাবে তেওঁলোকে যি খেতি চপোৱাৰ পিছৰ উৎসৱ পালন কৰে সেয়া অতিকৈ সুন্দৰ’’ ।
লগতে পঢ়ক : Majuli Music Festival 2022 : গীত-নৃত্যৰ লহৰত মায়াময় হৈ পৰিছে জেংৰাই চাপৰি
