11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Oct 30, 2022, 10:56 AM IST

top-10-at-11-am

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

G P Singh acquitted: ছেম ষ্টেফৰ্ডৰ হত্যাৰ গোচৰত দোষমুক্ত ঘোষণা Special DGP জি পি সিঙক

তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত হ'ল জি পি সিং (GP Singh acquitted for lack of evidence) । ‘কা’ আন্দোলনত গুলীচালনাত নিহত ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ । ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আছুৰ আহ্বানত চানমাৰিত অনুষ্ঠিত প্রতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া আৰক্ষীৰ গুলীত হাতীগাঁও থানাৰ সমীপত মৃত্যুক সাৱটিছিল ছেম ষ্টেফৰ্ডে (Sam Stafford death)।

Pijush Hazarika warns Sherman Ali: পুনৰ জেললৈ যাব লাগিব শ্বেৰমান আলী !

শ্বেৰমান আলীক কঠোৰ সকিয়ণি মন্ত্ৰী পীযুষ হাজৰিকাৰ(Pijush Hazarika warns Sherman Ali) । বেছি ওলট-পালট কৰিলে পুনৰ জেললৈ যাবলগীয়া হ'ব পাৰে শ্বেৰমান আলী । তেজপুৰত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।

Road accident at Samaguri : পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংবাদিক তপন কুমাৰ বৰা

নগাঁৱত অঘটন ৷ শনিবাৰে নিশা প্ৰায় 10 বজাত নগাঁৱৰ পুৰণিগুদামত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Samaguri) ৷ এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰা ৷

Fish hunting in Kokrajhar : কোকৰাঝাৰৰ ঐতিহাসিক তাৰং বিলত সমূহীয়া মৎস্য চিকাৰ

আজি দেওবাৰ ৷ কোকৰাঝাৰ জিলাৰ ঐতিহাসিক তাৰং বিলৰ পাৰত পুৱাই বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশে ৷ কাহিলি পুৱাতে হাতে হাতে জাকৈ, খালৈ, পল, জাল ইত্যাদি লৈ বিললৈ আহিছে হাজাৰ হাজাৰ মাছমৰীয়া ৷ উদ্দেশ্যে ৰাহুৱাকৈ মৎস্য চিকাৰ কৰা (Fish hunting in Kokrajhar) ৷ পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰেই আজিৰ এই দিনটোত জিলাখনৰ দূৰ-দূৰণিৰ পৰা অহা বহুলোকে সমূহীয়াকৈ মাছ ধৰে (Traditional fish hunting at tarang beel) ।

Micro Finance Relief Scheme: নগাঁৱত মাইক্ৰ’ফাইনেঞ্চ আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

অসম চৰকাৰৰ অভিলাষী আঁচনি 'অসম মাইক্ৰ’ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি'ৰ অধীনত নগাঁৱত ঋণগ্ৰস্ত হিতাধিকাৰীক সাহায্যৰ চেক বিতৰণ (Assam Micro Finance Incentive and Relief Scheme) ৷ নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা আবকাৰী, মীন আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য চেক বিতৰণ কৰে ৷

Assam Cabinet decisions: অগৰু-প্লাইউড উদ্যোগৰ বাবে নতুন বিধিত অনুমোদন কেবিনেটৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্বৰ সভাপতিত্বত শনিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকখন (Decision of Cabinet meeting) । কেবিনেটে উডবেচড উদ্যোগৰ উন্নয়নৰ বাবে কেতবোৰ নতুন নিয়ম নিৰ্ধাৰণ কৰে ৷ একেদৰে নৱেম্বৰ মাহৰ পৰা বসুন্ধৰা-২ কাম কাজ আৰম্ভ কৰাৰ সিদ্ধান্ত লয় কেবিনেটে ৷ কেবিনেটে অন্যান্য পিছপৰা শ্ৰেণীৰ(OBC) তালিকাত নেপালী সম্প্ৰদায়সমূহৰ উপজাতি লিহুৰ সংশোধন কৰি 'লিম্বু' কৰে ।

Terror of Wild Elephant : ৰঙাপৰাত আধা পকোতেই ধান কাটিবলৈ বাধ্য হ’ল কৃষক

শোণিতপুৰ জিলাৰ ৰঙাপৰাত বনৰীয়া হাতীৰ ভয়তে কৃষক ৰাইজে কাটিবলৈ বাধ্য হৈছে আধা পকা ধান । কিয়নো শোণিতপুৰ ৰঙাপৰাৰ চৌদিশে কেৱল বনৰীয়া হাতীৰ তাণ্ডৱ (Man Elephant conflict) । ধাননি পথাৰত নামিছ এতিয়া জাকে জাকে বনৰীয়া হাতী (Paddy field destroyed by wild elephant)। ফলত নষ্ট হৈছে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা কৃষকৰ আপোন খেতিডৰা ৷

Cheque distribution programme: ঋণগ্ৰস্ত মহিলালৈ দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সকাহ চৰকাৰৰ

মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলালৈ দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সকাহ । ধেমাজিত ৪,৬৬৮ মহিলাৰ মাজত ৮.০৮ কোটি টকাৰ চেক বিতৰণ ৷ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে ঋণগ্ৰস্ত মহিলাসকৰ মাজত বিতৰণ কৰে চেক (Micro Finance cheque distribution) ।

Chhath Puja 2022: ধুবুৰীত ষঠ পূজাৰ ব্যাপক আয়োজন

আজি ষঠ পূজা (Chhath Puja 2022) ৷ হিন্দু ধৰ্মীয় বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ বাবে অন্যতম পূজা হৈছে ষঠ পূজা । পূৰ্বৰ পৰম্পৰা অনুযায়ী তিনিদিনীয়াকৈ পালন কৰা হয় এই ষঠ পূজা । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ষঠ পূজাৰ বাবে ব্যাপক আয়োজন চলিছে ৷ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত স্নান আৰু পূজাৰ আয়োজন কৰিছে জিলা প্ৰশাসন আৰু ষঠ পূজা কমিটিয়ে । ধুবুৰীৰ যোগমায়া ঘাট, পঞ্চঘাট আৰু মেলা ঘাটকে ধৰি তিনিখন মূল ঘাটৰ উপৰিও আন দুখনকৈ ঘাটত ষঠ পূজাৰ আয়োজন কৰা হৈছে ।

Carrom training camp: নগাঁৱত আৰম্ভ কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি

অহা ৭ নৱেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় কেৰম প্ৰতিযোগিতাৰ বাবে নগাঁৱত শনিবাৰে কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি কৰে কেৰম এছোচিয়েশ্যনৰ সভাপতি ৰকিবুল হুছেইনে (Carrom training camp inaugurated by Rakibul Hussain)। অহা ৭ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰৰ পৰ্যন্ত কেৰম এছোচিয়েশ্যনৰ সোণালী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পুৰুষ আৰু মহিলা শাখাৰ জ্যেষ্ঠ আৰু আন্তঃজিলা কেৰম প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলো নিৰ্বাচিত হৈছে (National Carrom Championship)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.