ঘৰত বিয়াৰ যো-জা; তাৰ মাজতেই চোৰে লুটিলে কইনালৈ গোটোৱা আ-অলংকাৰ

author img

By

Published : Sep 15, 2022, 10:48 AM IST

Theft in Goalpara

গোৱালপাৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ ঘৰত চাঞ্চল্যকৰ চুৰিকাণ্ড (Theft in Goalpara) । ঘৰত কোনো নথকাৰ সুযোগ লৈ দিনৰ পোহৰতে চোৰে লুটিলে সোণৰ অলংকাৰসহ নগদ ধন । কৃষ্ণাই আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

গোৱালপাৰা, 15 ছেপ্টেম্বৰ: গোৱালপাৰা জিলাৰ কৃষ্ণাইত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড (Thief Cleaning Operation in Goalpara) ৷ ঘৰত কোনো নথকাৰ সুযোগত দিন-দুপৰতে চোৰে ঘৰৰ তলা ভাঙি লুটি নিয়ে প্ৰায় 6 লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰসহ নগদ ধন ৷ কৃষ্ণাইৰ আশুডুবিৰ ভজন পাল নামৰ ক্ষুদ্ৰ ব্যৱসায়ীজনৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড (Theft in Goalpara) ৷

ভুক্তভোগী পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি, পুৱা প্ৰায় 10-30 বজাত পৰিয়ালটোৰ লোকে গুৱাহাটীলৈ যাত্ৰা কৰে । তাৰপূৰ্বে ক্ষুদ্ৰ ব্যৱসায়ী ভজন পাল ওলাই যায় বজাৰ কৰিবলৈ । বিয়লি বজাৰ কৰি ঘূৰি আহি ঘৰৰ তলা ভঙা দেখা পাই হতভম্ব হৈ পৰে ভজন পাল (Theft incident in Goalpara) ৷ ঘৰৰ দুৱাৰৰ তলা ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰি তিনিটাকৈ আলমিৰাৰ ল’ক ভাঙি প্ৰায় 6 লাখ টকাৰ সোণৰ আ-অলংকাৰসহ নগদ প্ৰায় 60 ৰ পৰা 70 হাজাৰ টকা লুটি লৈ যায় ৷

চোৰে লুটিলে কইনা আ অলংকাৰ

ইফালে অনাকাংক্ষিত বাতৰিটো পায়েই গুৱাহাটীৰ পৰা উভতি আহে ভজন পালৰ পত্নীসহ পৰিয়ালৰ আন সদস্যসকল । মূহুৰ্ততে পৰিয়ালটোৰ লোকৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । কাৰণ ভজন পালে কঠোৰ পৰিশ্ৰম কৰি জীয়ৰীৰ বিয়াৰ বাবে আ-অলংকাৰখিনি ক্ৰয় কৰি নিজ গৃহত জমা কৰি ৰাখিছিল । কিন্তু গভাইত চোৰে নিমিষতে তলা ভাঙি সকলো লুটি লৈ যায় ৷

দুৰ্ভগীয়া পৰিয়ালৰ লোকে লগে লগে ঘটনা সন্দৰ্ভত কৃষ্ণাই আৰক্ষীক অৱগত কৰে ৷ খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

লগতে পঢ়ক: Theft in Dhubri: চোৰে লুটিলে দোকানৰ সামগ্ৰীসহ কেছবক্সৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.