Two Kidnappers killed: অপহৰণকাৰীৰ কবলৰ পৰা জীৱন্তে উদ্ধাৰ দুজন, আৰক্ষীৰ গুলীত নিহত দুই অপহৰণকাৰী

author img

By

Published : Nov 11, 2022, 7:22 AM IST

Student rescued from kidnappers, two kidnappers spot death

অসম আৰু মেঘালয় আৰক্ষীৰ বৃহৎ সফলতা ৷ মেঘালয়ৰ টিক্ৰিকিল্লাৰ ভিতৰুৱা ঠাইৰ পৰা জীৱন্তে উদ্ধাৰ এটা কিশোৰৰ সৈতে এজন লোক (Two rescued from kidnappers) ৷

গোৱালপাৰা, 11 নৱেম্বৰ: ৰাজ্যজুৰি ৰাসৰ উলহ মালহৰ মাজতেই অসম আৰু মেঘালয়ৰ আৰক্ষীৰ যুটীয়া অভিযানত গোৱালপাৰাৰ এজন ছাত্ৰক অপহৰণকাৰীৰ কবলৰ পৰা জীৱন্তে উদ্ধাৰ হৈছে (Kidnapping case in Goalpara)৷ ৰাজ্যত শেহতীয়াকৈ বহু প্ৰান্তত কেবাটাও অপহৰণৰকাণ্ড সংঘটিত হোৱাৰ খবৰ প্ৰকাশ হৈ আহিছে (Kidnapping case in Assam) ৷

অপহৰণকাৰীৰ কবলৰ পৰা জীৱন্তে উদ্ধাৰ ছাত্ৰ, আৰক্ষীৰ গুলীত দুটা অপহৰণকাৰী নিহত

জানিব পৰামতে যোৱা 5 নৱেম্বৰত গোৱালপাৰা জিলাৰ শালবাৰী গাঁৱৰ আবু ইলিয়াছ আহমেদ নামৰ এজন 16 বছৰীয়া কিশোৰক কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল (Minor kidnapping in Goalpara) ৷ তাৰ পিছতেই ইলিয়াছক বিচাৰি ঘৰৰ লোকে হাহাকাৰ কৰিছিল ৷ উপায় নাপায় স্থানীয় লোকৰ লগত আলোচনা কৰি ঘৰৰ লোকে অৰুণাচল আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰিছিল ৷ অৰুণাচল আৰক্ষীয়েও তেওঁলোকক দুৰ্ভগীয়া পৰিয়ালটোক কিশোৰজনক ঘূৰাই অনাৰ আশ্বাস দিছিল ৷

তাৰ পিছতেই বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ পম খেদি অপহৃত কিশোৰটোক বিচাৰি গোৱলপাৰা আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে কিশোৰটিৰ পৰিয়ালৰ লোকক লগত লৈ এক যুটীয়া অভিযান চলায় ৷ এই যুটীয়া অভিযানত মেঘালয়ৰ টিক্ৰিকিল্লাৰ ভিতৰুৱা ঠাইৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয় কিশোৰটোক (Student rescued from kidnappers)৷ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা, লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু আৰু মেঘালয়ৰ টিক্ৰিকিল্লা আৰক্ষী থানাৰ এছ ডি পি অৰ নেতৃত্বত টিক্ৰিকিল্লাৰ দুৰ্গম অঞ্চলত এই অভিযান চলোৱা হৈছিল ৷

অভিযান কালত আৰক্ষী আৰু অপহৰণকাৰীৰ মাজত প্ৰচণ্ড সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈ দুটা অপহৰণকাৰী থিতাতে নিহত হয় (Two kidnappers spot death ) ৷ মৃত অপহৰণকাৰীকেইটা জহুৰুল ইছলাম আৰু মোকছেদুল ৰহমান বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আৰক্ষীৰ এই যুটীয়া অভিযানক বৃহৎ সফলতাৰ আখ্যা দিছে ইলিয়াছৰ পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ লোকে ৷ নিজ পুত্ৰক 5 দিনৰ অন্তত জীৱন্তে ঘূৰাই পাই নথৈ আনন্দিত হৈছে কিশোৰটোৰ পৰিয়াল ৷ এই দুঃসাহসিক অভিযান চলাই পুত্ৰক ঘূৰাই অনাত আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ইলিয়াছৰ পিতৃ ৷

ইফালে আৰক্ষীৰ লগত যোৱা ইলিয়াছৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি তেওঁলোকৰ চকুৰ সন্মুখতে দুটাকৈ অপহৰণকাৰীক আৰক্ষীয়ে হত্যা কৰিছে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে ৷ কিশোৰটোক কিয় অপহৰণ কৰা হৈছিল সেই কথা এতিয়াও পোহৰলৈ অহা নাই ৷ উল্লেখ্য যে কিশোৰটো গোৱালপাৰা গৌৰনগৰ হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ৷

মন কৰিবলগীয়া যে এই যুটীয়া অভিযানত বিকাশ চেতিয়া নামৰ এজন লোককো উদ্ধাৰ কৰিবলৈ সক্ষম হয় (One man rescued from kidnappers)৷ গুৱাহাটীৰ বাসিন্দা আছিল বিকাশ ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি টেম্পো চলাই পৰিয়াল পোহপাল দিয়া বিকাশক অপহৰণ কৰিছিল দলটোৱে ৷

লগতে পঢ়ক: Journalist Basanta Kumar Sarma passes away: জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.