গোৱালপাৰাত চোৰাংভাৱে সৰবৰাহ কৰা কাঠসহ বাহন জব্দ

author img

By

Published : Sep 20, 2022, 8:38 PM IST

গোৱালপাৰাত চোৰাংভাৱে সৰবৰাহ কৰা কাঠসহ বাহন জব্দ

গোৱালপাৰাত বনবিভাগৰ চোৰাং কাঠৰ বিৰুদ্ধে অভিযান (Smuggling timber seized at Rangjuli) । উক্ত অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডাসহ দুখনকৈ নম্বৰ প্লেট বিহীন বাহন জব্দ । বন সুৰক্ষা বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি জিলাখনৰ শিমলীতোলা পাৰঘাটৰ পৰা পুৱতি নিশা তিনি বজাত অভিযান চলাই জব্দ কৰে ।

গোৱালপাৰা, 20 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংভাৱে সৰবৰাহ কৰা কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক আটক কৰি আহিছে (Timber smuggling in Assam) । কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ।

ইফালে গোৱালপাৰা বন বিভাগেও চোৰাং কাঠৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান (smuggling wood seized in Rangjuli)। বন বিভাগৰ এক অভিযানত সোমবাৰে গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বন বিভাগৰ অধীনস্থ নৱাগত চিমলীতলা পাৰঘাটৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডাসহ দুখনকৈ বাহন । জব্দকৃত কাঠৰ কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা ।

গোৱালপাৰাত চোৰাং কাঠসহ নম্বৰ প্লেট বিহীন বাহন জব্দ

উল্লেখ্য় যে, গোৱালপাৰা জিলা বন সুৰক্ষা বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি জিলাখনৰ শিমলীতোলা পাৰঘাটৰ পৰা পুৱতি নিশা তিনি বজাত অভিযান চলাই বৃহৎ পৰিমাণৰ শাল কাঠৰ কুণ্ডাৰ লগতে দুখনকৈ নম্বৰ প্লেট বিহীন বলেৰ’ বাহন জব্দ কৰে ।

জানিব পৰা মতে, চোৰাং কাঠখিনি বিক্ৰীৰ উদ্দেশ্যে নদী পথেৰে বৰপেটা জিলালৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল । কাঠৰ চোৰাং ব্যৱসায়ীয়ে বন সুৰক্ষা বাহিনীৰ আগমনৰ উমান পাই পাৰঘাটতে বাহনভৰ্তি কাঠখিনি এৰি পলায়ন কৰে । পুৱতি নিশাই কাঠখিনি গোৱালপাৰা জিলা বন সুৰক্ষা বাহিনীয়ে জব্দ কৰি বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে । চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিয়ে জিলা বন সুৰক্ষা বাহিনীয়ে ।

লগতে পঢ়ক:তেজপুৰৰ চতুৰ্থ ক’ৰত সেনা জোৱানৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.