গোৱালপাৰাত আত্মসমৰ্পণ দুৰ্ধৰ্ষ ডকাইতৰ

author img

By

Published : Aug 26, 2021, 12:08 PM IST

robber surrender

কোকৰাঝাৰস্থিত এলাহাবাদ বেংকৰ ডকাইতি কাণ্ডৰ চেষ্টা চলোৱা এটা ডকাইতৰ আত্মসমৰ্পণ ৷ ডকাইতটোৱে গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীৰ হাতত আত্মসমর্পণ কৰে ।

গোৱালপাৰা, ২৬ আগষ্ট : কিছুদিন পূৰ্বে কোকৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছিল । ৬ জনীয়া এটা ডকাইতৰ দলে কোকৰাঝাৰস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ গৈছিল । তাৰ পাছতে গোপন সূত্ৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে চলাইছিল অভিযান ৷ ঘটনাস্থলীত আৰক্ষীক দেখি ডকাইতৰ দলটোৱে কৰিছিল গুলীচালনা ৷

এই গুলীয়াগুলিত নিহত হৈছিল তিনিটাকৈ ডকাইত । বাকী তিনিটা ডকাইতে আৰক্ষীৰ চকুত ধুলি মাৰি পলাই যাবলৈ সক্ষম হৈছিল । কিন্তু বুধবাৰে সেই পলাতক ডকাইত তিনিটাৰ ভিতৰত ছফিকুল ইছলাম নামৰ এটা ডকাইত গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীৰ হাতত আত্মসমর্পণ কৰে ।

দুৰ্ধৰ্ষ ডকাইতটোৰ ঘৰ গোৱালপাৰাৰ জলেশ্বৰৰ টাকিমাৰী গাঁৱত ৷ পলাতক ডকাইত ছফিকুল ইছলামে ঘৰতে আত্মগোপন কৰিব বিচাৰিছিল যদিও গোৱালপাৰা আৰক্ষীৰ তীব্ৰতৰ অভিযানৰ ফলত পলায়নৰ সকলো পথ বন্ধ হৈ পৰে ৷

অৱশেষত লক্ষীপুৰ থানাত আত্মসমর্পণ কৰিবলৈ বাধ্য হয় ডকাইতটোৱে । পিছত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কোকৰাঝাৰ আৰক্ষীক হাতত গতাই দিয়ে ডকাইতটোক । বাকী দুটা ডকাইত বৰ্তমানেও পলাতক হৈ আছে ।

লগতে পঢ়ক : নগাঁৱত চালকৰ ভুৱা অনুজ্ঞাপত্ৰ প্ৰস্তুত কেন্দ্ৰ উৎখাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.