গোৱালপাৰাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

author img

By

Published : Sep 11, 2021, 5:28 PM IST

Pangolin

ৰাজ্যত একাংশ লোকে বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । বন বিভাগৰ চকুৰ সন্মুখতে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰিছে দুষ্টচক্ৰই । এইবাৰ গোৱালপাৰাত দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰি গ্ৰেপ্তাৰ তিনিগৰাকী লোক ।

গোৱালপাৰা,১১ ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহ । একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে এই অবৈধ কাৰ্যকলাপ । এনে কাৰ্যকলাপৰ বিৰুদ্ধে সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী তথা বন বিভাগ । এনে দুষ্টচক্ৰৰ বিৰুদ্ধে নিশা গোৱালপাৰা জিলাৰ ধনুভাঙাত ক্ৰাইম ব্ৰাঞ্চ (Crime Branch) আৰু বন বিভাগৰ (Forest Department) অভিযান চলিল ।

বিশেষ সূত্ৰৰ পম খেদি গুৱাহাটীৰ পৰা অহা ক্ৰাইম ব্ৰাঞ্চৰ এটা দল আৰু ৰংজুলিৰ বন বিভাগৰ যুটীয়া অভিযানত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই উদ্ধাৰ কৰে এটা প্ৰকাণ্ড বনৰৌ (Pangolin) । দুষ্প্ৰাপ্য বনৰৌটোৰ ওজন ৯.৮ কি:গ্ৰা: । অভিযানত বনৰৌটো সৰবৰাহ কৰা তিনিজনকৈ চোৰাং ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ।

গোৱালপাৰাত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

ধৃত চোৰাং ব্যৱসায়ী কেইজন গোৱালপাৰা জিলাৰ খেৰোপাৰাৰ আবু তালেৱ, কামৰূপ জিলাৰ ভখুৰাদিয়াৰ মহিমউদ্দিন আৰু বাঘমাৰাৰ হাৰব আলী বুলি জানিব পৰা গৈছে । জানিব পৰা মতে লোককেইজনে বনৰৌটো বিক্ৰীৰ বাবে আনিছিল । চোৰাং ব্যৱসায়ী কেইজনৰ পৰা As-২৫-P-৪৯৭৪ আৰু দুখন মটৰ চাইকেলো জব্দ কৰা হয় । ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াই জানিবলৈ দিয়া মতে আন এখন বাহন আছিল যদিও পলাই যাবলৈ সক্ষম হয় ।

লগতে পঢ়ক :মাচুল নিদিলেও পাঠ গ্ৰহণৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.