মূল্যবৃদ্ধিৰ কথা পাহৰি পূজাৰ আমেজ লওক : কুইন ওঝা

author img

By

Published : Oct 14, 2021, 10:07 PM IST

Queen Oja comments

একাংশ শাসকীয় দল বিজেপিৰ নেতা-মন্ত্ৰীৰ মূল্য বৃদ্ধিক লৈ কৰা মন্তব্যই বিবুদ্ধিত পেলাইছে সাধাৰণ খাতি খোৱা লোক সকলক ৷ কি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কি ভৱেশ কলিতা ? এইবাৰ এই দুয়োজনৰ অনুৰূপ মন্তব্য প্ৰকাশ কৰে সাংসদ কুইন ওঝাই ৷

গোৱালপাৰা, 14 অক্টোবৰ : পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক বাৰুকৈয়ে জুৰুলা কৰিছে ৷ প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য এতিয়া শতকৰ ঘৰত ৷ হয়তো এইবাৰেই অভিলেখ সৃষ্টি কৰিছে পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে ৷

মূল্যবৃদ্ধিৰ কথা পাহৰি পূজাৰ আমেজ লওঁক

মূল্যবৃদ্ধিৰ বিষয়টোৰে শাসক পক্ষক সমালোচনাৰ কৰা সুযোগকণ এৰি দিব বিচৰা নাই বিৰোধীয়েও ৷ দেশৰ কথা নকওঁয়েই, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দল সংগঠনে ৷ বিৰোধীৰ প্ৰত্যেক গৰাকী নেতাই সাংবাদ মাধ্যমৰ জৰিয়তে সমালোচনাৰে থকা-সৰকা কৰিছে শাসক পক্ষক ৷

এইখিনিলৈকে থিকে আছে ৷ এখন গণতান্ত্ৰিক দেশত বিৰোধীয়ে শাসক পক্ষক সমালোচনা কৰাতো এটা পৰম্পৰা ৷ কিন্তু একাংশ শাসকীয় দল বিজেপিৰ নেতা-মন্ত্ৰীৰ মূল্যবৃদ্ধিক লৈ কৰা মন্তব্যই বিবুদ্ধিত পেলাইছে সাধাৰণ খাতি খোৱা লোক সকলক ৷

জনতাৰ আস্থাভাজন এই সকল নেতাই মূল্য বৃদ্ধিক লৈ যিধৰণে মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্য আজিৰ তাৰিখত সাধাৰণ জনতাই নুবুজাকৈ থকা নাই ৷ এগৰাকী জননেতাৰ মন্তব্যই সমাজ তথা তৃৰ্ণমূল পৰ্যায়ত কিধৰণে প্ৰভাৱ পেলাব পাৰে সেই কথা ভাবিবলৈয়ো আজৰি নাই এই সকল নেতা-মন্ত্ৰীৰ ৷ কি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কি ভৱেশ কলিতা ?

এইবাৰ এই দুয়োজনৰ অনুৰূপ মন্তব্য প্ৰকাশ কৰে সাংসদ কুইন ওঝাই ৷ সাংসদ গৰাকীয়ে বৃহস্পতিবাৰে সাংবাদ মাধ্যমৰ আগত কয়, 'হয়, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হৈছে, কিন্তু পূজা বুলি সেয়া অসমৰ ৰাইজে পাহৰি থাকক আৰু পূজা পালন কৰক ৷'

কি আচৰিত ! মূল্যবৃদ্ধিৰ এই অভাৱনীয় পৰিস্থিতিত জনতা আস্থাভাজন এগৰাকীৰ নেত্ৰীৰ কি মন্তব্য হ'ব লাগিছিল সেয়া ৰাইজে বিচাৰ কৰিব ৷ তেওঁ লগতে কয়, পেট্ৰলৰ দাম বাঢ়িব, মূল্যবৃদ্ধি হ’ব, সেয়া আচৰিত হ’ব লগা কথা নহয় ৷ এই মূল্যবৃদ্ধিৰ কথা পাহৰি ভাতৃত্ববোধেৰে আমি দুৰ্গা মাৰ ওচৰত এৰি দি, চৰকাৰ খনৰ ওপৰত বিশ্বাস ৰাখি শান্তিত থাকিব লাগে ৷

সাংসদ গৰাকীৰ এই দায়িত্বজ্ঞানহীন মন্তব্যই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰা স্বাভাৱিক ৷ বৃহস্পতিবাৰে কৃষ্ণাইত উপস্থিত হৈ কেইবাখনো পূজা মণ্ডপ পৰিদৰ্শন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৷ পূজা মণ্ডপ পৰিদৰ্শন কালতে সাংবাদিকৰ প্ৰশ্ন উত্তৰত এইদৰে মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক: বৰপেটাত অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.