Anganwadi workers protest: অংগনৱাড়ী কেন্দ্ৰৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত অংগনৱাড়ী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Nov 10, 2022, 7:13 PM IST

Anganwadi workers demanding cancellation of govt decision to merge Anganwadi centres

ৰাজ্যজুৰি আজি অংগনৱাড়ী কর্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ (Anganwadi workers protest across Assam) ৷ অংগনৱাড়ী কেন্দ্ৰসমূহক একত্ৰীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা (Assam Govt Decision to merge Anganwadi centres), চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰপ্রাপ্ত কর্মী-সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা আৰু সকলো অংগনৱাড়ী কেন্দ্ৰৰ আন্তগাঁথনি উন্নত কৰাৰ দাবীত এই প্ৰতিবাদ ৷

গুৱাহাটী,10 নৱেম্বৰ: ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰা (Assam Govt Decision to merge Anganwadi centres), চৰকাৰৰ ঘোষণা অনুসৰি অৱসৰপ্রাপ্ত কর্মী-সহায়িকাৰ এককালীন সাহায্য শীঘ্ৰে প্ৰদান কৰা আৰু সকলো অংগনৱাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ দাবীত ৰাজ্যৰ ভিন্ন জিলাত আজি অংগনৱাড়ী কর্মী-সহায়িকাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Anganwadi workers protest across Assam) ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীতো অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুনলৈ বিভিন্ন ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ (Anganwadi workers protest in Guwahati)।

কাৰ্যসূচীত অংশ লৈ অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে বিজেপি চৰকাৰখনে কোনো আলোচনা-বিলোচনা নকৰাকৈ অসমৰ অংগনৱাড়ী কেন্দ্ৰবোৰ একত্ৰীকৰণৰ কাম আৰম্ভ কৰিছে । অসমত ৬২,১৫৩ টা মাধ্যমত আই-চি-ডি-এছৰ কাম যোৱা ৪৭ বছৰ ধৰি চলাই থকা হৈছে । শেহতীয়াভাৱে চৰকাৰখনে এক চমক সৃষ্টি কৰাৰ মাজেৰে বিভিন্ন জিলাত প্রায় ২৫ লাখ টকীয়া কেন্দ্ৰ স্থাপন কৰিছে (Merge Anganwadi centres) ।

অংগনৱাড়ী কেন্দ্ৰবোৰ একত্ৰীকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত অংগনৱাড়ী সন্থাৰ প্ৰতিবাদ

তেওঁ লগতে কয় যে অতি পৰিতাপৰ কথা যে চৰকাৰখনে বেয়া হৈ পৰি থকা অংগনৱাড়ী কেন্দ্ৰবোৰ মেৰামতি কৰা নাই । অংগনৱাড়ী কেন্দ্ৰবোৰ একত্ৰীকৰণৰ নামত ৩-৪ টা কেন্দ্র বন্ধ কৰাৰ ফলত কণ কণ শিশুসকল কেইবা কিলোমিটাৰ অতিক্রম কৰি নির্দিষ্ট কেন্দ্ৰত যাব লাগিব । তেনে কৰিলে শিশুসকলৰ যোৱাত নিশ্চিতভাবে অসুবিধা হ’ব ।

তেওঁ কয় যে কর্মী-সহায়িকাসকলৰ বহু আন্দোলনৰ ফলত যোৱা বছৰৰ ২০২১ বৰ্ষৰ ২৪ ডিচেম্বৰত অসম চৰকাৰে অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকাসকলক এককালীন সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰিছিল । এই ঘোষণাৰ আজি ১১ মাহ উকলি যোৱাৰ পিছতো চৰকাৰে কৰ্মী-সহায়িকাসকলৰ এই সাহায্য প্রদান কৰা নাই । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ সমাজ‌ কল্যান বিভাগৰ সঞ্চালকক প্ৰদান কৰে ।

ইফালে গোৱালপাৰা জিলাতো অংগনৱাড়ী কর্মী-সহায়িকাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় (Anganwadi workers protest in Goalpara)। গোৱালপাৰা জিলাৰ কেইবাশতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা একত্ৰিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ।

মন কৰিবলগীয়া বিষয় যে প্ৰতিবাদকাৰীৰ স্মাৰক পত্ৰ সংগ্ৰহ কৰিবলৈ ওলাই নাহিল কোনো এগৰাকী দণ্ডাধীশ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ এই কাৰ্যত ক্ষুব্ধ অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে ঘেৰাও কৰে উপায়ুক্ত কাৰ্যালয় চৌহদ । এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বন্ধ হৈ পৰে গোৱালপাৰা-মাটিয়া ৰাজ্যিক ঘাইপথচোৱা । এই লৈ পৰিস্থিতি কিছু উত্তাল হৈ পৰাও পৰিলক্ষিত হয় ।

প্ৰতিবাদী অংগনৱাড়ী কর্মী-সহায়িকাৰ এই দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে, পৰৱৰ্তী সময়ত সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: SC ST Demand : ছয় জনগোষ্ঠীৰ জনজাতিকৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.