প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়

author img

By

Published : Sep 17, 2022, 2:02 PM IST

Tense situation at Goalpara Civil Hospital

গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি (Tense situation at Goalpara Civil Hospital) । কৰ্তব্যৰত প্ৰসূতি বিভাগৰ চিকিৎসক-নাৰ্ছৰ গাফিলতিৰ ফলতে প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা আত্মীয়ই ।

গোৱালপাৰা, 17 ছেপ্টেম্বৰ : হঠাৎ উত্তপ্ত হ’ল গোৱালপাৰা অসামৰিক চিকিৎসালয় (Tense situation at Goalpara Civil Hospital) ৷ শনিবাৰে এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালয়খনত ৷ কৰ্তব্যৰত চিকিৎসক-নাৰ্চৰ গাফিলতিৰ ফলতে প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে নিহত প্ৰসূতিগৰাকীৰ আত্মীয়ই ৷

প্ৰসূতিগৰাকীৰ নাম আমেনা খাতুন (19) ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷ নিহত প্ৰসূতিগৰাকীৰ স্বামী ছাইফুদ্দিন শ্বেইখে উল্লেখ কৰা অনুসৰি, প্ৰসৱজনিত কাৰণত আমেনাক বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 5 বজাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত ভৰ্তি কৰোৱা হয় ৷

প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়

ৰক্তহীনতাত ভুগি থকা আমেনাক নিশাই তেজ দিয়া হয় চিকিৎসালয়খনত ।

শনিবাৰে পুৱা প্ৰায় 8 বজাত আমেনাক প্ৰসূতি কক্ষলৈ নিয়া হয় । কিন্তু সেই সময়ত উপস্থিত নাছিল কোনো চিকিৎসক ৷ যাৰ বাবে প্ৰসূতি বিশেষজ্ঞ চিকিৎসকৰ অনুপস্থিতিত প্ৰসূতি কক্ষত দুগৰাকী নাৰ্ছে আমেনাক প্ৰসৱ কৰোৱায় ৷ এই অভিযোগ প্ৰসূতিগৰাকীৰ স্বামী ছাইফুদ্দিনৰ ৷

লগতে পঢ়ক : বিশ্বনাথত গ্ৰেপ্তাৰ ১৭ টা বাংলাদেশী নাগৰিক

আমেনাই এগৰাকী কন্যাক প্ৰসৱ কৰাৰ পিচতে বহু ৰক্তক্ষৰণ হয় ৷ ফলত আমেনাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ পৰৱৰ্তী সময়ত কৰ্তব্যৰত চিকিৎসক উপস্থিত হৈ আমেনাৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু তেজৰ যোগাৰ কৰিবলৈ আমেনাৰ অভিভাৱক নিৰ্দেশ দিয়ে ৷

তাৰ পাচতে ছাইফুদ্দিনে ততালিকে চিকিৎসালয়ৰ ব্লাড বেংকত গৈ নিজে ৰক্তদান কৰে । ছাইফুদ্দিনৰ ৰক্তদান প্ৰক্ৰিয়া চলি থকা অৱস্থাতে প্ৰসৱ ৰূমত মৃত্যু হয় আমেনাৰ (Pregnant woman death at Goalpara Civil Hospital) ৷ প্ৰসূতিগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি তেওঁৰ পৰিয়াল আৰু আত্মীয়ই চিকিৎসালয় কৰ্তৃপক্ষক জবাবদিহি কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চিকিৎসালয়খনত ।

এই ঘটনাৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে পৰিয়াল তথা স্থানীয় লোকে ৷

লগতে পঢ়ক : প্ৰসূতিৰ মৃত্যুক লৈ গহপুৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.