Roads Condition in Goalpara: জলেশ্বৰ সমষ্টিত ৰাস্তা-ঘাটৰ পয়ালগা অৱস্থা

author img

By

Published : Aug 1, 2022, 1:47 PM IST

Jaleswar

এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ দৃশ্য (Road connectivity poor in Jaleswar Goalpara) । সুদীৰ্ঘ দিন ধৰি এনেদৰেই যাতায়াত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজে । উল্লেখ্য, স্বাধীনোত্তৰ কালৰে পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এটা বৃহৎ অঞ্চল হৈছে এইটো । ৰাজ্যৰ উন্নয়নৰ বিপৰীত ছবি দোখা যায় জলেশ্বৰ সমষ্টিৰ মেদৰটাৰী¸ফুলপুৰ¸চিৰাকুটি¸পোৰাভিটা আদি বৃহৎ অঞ্চলত (Jaleswar area suffering hell transportation) ।

গোৱালপাৰা, ১ আগষ্ট : উন্নয়নৰ ঢাকঢোল বজাই থকা বিজেপি চৰকাৰৰ আমোলত প্ৰকৃততে কিমান উন্নয়ন হৈছে তাৰেই প্ৰমাণ এটা বৃহত্তৰ অঞ্চলৰ ৰাস্তা-ঘাটৰ এই অৱস্থা । যিয়ে প্ৰকাশ কৰে বিকশিত অসমৰ এক পয়ালগা ছবি । যাৰ বাবে যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি নৰক যন্ত্ৰণা ভুগি আহিছে অঞ্চলবাসীয়ে ।

এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ ৰাস্তা-ঘাটৰ দৃশ্য (Road connectivity poor in Jaleswar Goalpara) । সুদীৰ্ঘ দিন ধৰি এনেদৰেই যাতায়াত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজে । উল্লেখ্য, স্বাধীনোত্তৰ কালৰে পৰা আজিলৈকে উন্নয়নৰ মুখ নেদেখা এটা বৃহৎ অঞ্চল হৈছে এইটো । ৰাজ্যৰ উন্নয়নৰ বিপৰীত ছবি দোখা যায় জলেশ্বৰ সমষ্টিৰ মেদৰটাৰী¸ফুলপুৰ¸চিৰাকুটি¸পোৰাভিটা আদি বৃহৎ অঞ্চলত (Jaleswar area suffering hell transportation) ।

জলেশ্বৰ সমষ্টিত ৰাস্তা-ঘাটৰ পয়ালগা অৱস্থা

আনহাতে, বছৰ বছৰ ধৰি যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নয়নৰ ক্ষেত্ৰত সাংসদ-বিধায়কসকলে পিঠি দিয়াৰ অভিযোগ উঠিছে (MP and MLs not interested to develop roads) । ইয়াৰ উপৰি স্বাধীনোত্তৰ কালৰে পৰা এই অঞ্চলৰ লোকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰো অভিযোগ উঠিছে । ইফালে সমান্তৰালভাৱে এই অঞ্চলটোৰ বাট-পথ মেৰামতিৰ ক্ষেত্ৰত গড়কাপ্তনি বিভাগৰ কাণসাৰ নাই বুলিও অঞ্চলবাসী ৰাইজৰ অভিযোগ (PWD alleged to not repaired roads) ।

ইয়াৰ প্ৰমাণ এই দৃশ্যসমূহ । এই দৃশ্য হৈছে জলেশ্বৰ সমষ্টিৰ মেদৰটাৰীৰ পৰা চিৰাকুটিলৈ যোৱা পথৰ দৃশ্য । এক প্ৰকাৰ মৰণ ফান্দত পৰিণত হৈছে মেদৰটাৰী-চিৰাকুটি সংযোগী একমাত্ৰ পথটো । একাঁঠু বোকা আৰু পানীৰে ভৰপূৰ এই পথটো । যাৰ ফলত যমৰ-যাতনা ভুগিবলগা হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে । পথটোত যান-বাহনৰ যাতায়াত আৰু যোগাযোগ সম্পূৰ্ণৰূপে ব্যহত হৈ পৰিছে ।

আনকি স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ সেৱাও বন্ধ হৈ পৰিছে অঞ্চলটোত । ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে জীয়াতু ভুগিবলগীয়া হৈছে সকলো শ্ৰেণীৰ ৰাইজে (Students suffering in transportation) । যমৰ-যাতনা ভুগিবলগীয়া হৈছে গৰ্ভৱতী, প্ৰসূতি তথা অন্যান্য ৰোগীসকলে । সেয়ে শীঘ্ৰেই এই অঞ্চলটোৰ উক্ত পথটো মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে (people demanded to repair roads in Jaleswar) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.