Road accident in Barpeta : ঘন কুঁৱলীৰ ফলত সংঘটিত দুৰ্ঘটনাত এজনৰ মৃত্যু

author img

By

Published : Jan 23, 2023, 10:44 AM IST

One Death in Road accident at Kalgachia

সমগ্ৰ ৰাজ্যজুৰি শীত প্ৰবাহৰ লগতে নিশালৈ নামি আহে ঘন কুঁৱলী (Accident cause of mist)। এই ঘন কুঁৱলীৰ বাবেই কৃষ্ণাই আৰক্ষীয়ে পথৰ ওপৰত ৰখা চেক বৰ্ডত খুন্দিয়াই এখন মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত এজন বাইক আৰোহীৰ মৃত্যু হয় (One Death in Road accident) ৷

https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/son-injects-father-with-drugs-loots-over-rs-3-dot-5-lakh/assam20230122212400046046636

জনীয়া, 23 জানুৱাৰী: ৰাজ্যজুৰি শীত নামি অহাৰ লগে লগেই নামি আহে ঘন কুঁৱলী ৷ ঘন কুঁৱলীৰ বাবেই চকুৰে মনিব নোৱাৰাৰ ফলত গোৱালপাৰা জিলাৰ কৃষ্ণাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Kalgachia) ৷ যোৱা ১৯ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে নিশা ১১ বজাত এখন সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান উপভোগ কৰি ঘৰলৈ উভতি অহাৰ পথতে কৃষ্ণাইৰ ৰাজপথত আৰক্ষীয়ে পাতি থোৱা চেক বৰ্ডত খুন্দিয়াই এখন বাইক দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত বাইকখনত থকা দুয়োজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় ৷

স্থানীয়ে লোকে এই দুৰ্ঘটনাৰ কথা গম পাই সেই স্থানত উপস্থিত হৈ আহত দুয়োজনকে উদ্ধাৰ কৰি ততালিকে কৃষ্ণাই চিকিৎসালয়লৈ নি ভৰ্তি কৰায় ৷ ইফালে মতিয়াৰ নামৰ এজন বাইক আৰোহীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে(One Death in Road accident)।

অৱশেষত শনিবাৰে মতিয়াৰে জীৱন মৃত্যুৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে। মতিয়াৰৰ মৃত্যুৰ খবৰ পাই তেওঁৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় (One Death at Kalgachia)৷ দুৰ্ঘটনাত পতিত হোৱা বাইকখন AS15 R1577 নম্বৰ টি ভি এছ আপাচি বুলি জানিব পৰা গৈছে ৷

মতিয়াৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত শনিবাৰে নিশা আবাদীস্থিত নিজ গৃহলৈ লৈ আহে পৰিয়ালৰ লোকে । ঘৰখনৰ একমাত্ৰ পুত্ৰক হেৰুৱাই কান্দোনত ভাঙি পৰিছে মাতৃৰ লগতে আত্মীয়ই। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মতিয়াৰ ৷ মতিয়াৰক হেৰুৱাই ঘৰখনত সৰগ ভাগি পৰিছে ৷ ইয়াৰোপৰি মতিয়াৰ ৰহমান দুই সন্তানৰ পিতৃ।

মতিয়াৰৰ মৃত্যুত পিছত পৰিয়ালটোক পোহপাল দিয়াৰ বাবে চৰকাৰৰ ওচৰত এককালীন সাহায্যৰ দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকে ৷ মতিয়াৰ ৰহমানৰ মৃত্যুৰ খবৰ পাই অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।

উল্লেখ্য যে বিগত কেইদিনত সমগ্ৰ ৰাজ্যজুৰি শীত প্ৰবাহৰ লগত নামি আহিছে ডাঠ কুঁৱলী (Accident cause of mist)। বিশেষকৈ বিগত কেইদিনত ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজপথত নিশাৰ ভাগত কেইবাটাও সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । য'ত ডাঠ কুঁৱলীৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে চালকে ৰাজপথত সন্মুখত কি আছে তাক মনিব নোৱাৰাৰ বাবে বাহন দুৰ্ঘটনাত পতিত হৈ কেইবাজনো লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন বহুজন আহত হৈ চিকিৎসাধীন হ'বলগা হৈছে। যাৰ বাবে কুঁৱলী কেন্দ্ৰিক দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগ সাজু হোৱাৰ লগতে সজাগতা অভিযানো আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Son injects father with drugs: পুত্ৰৰ হাতত প্ৰতাৰিত হৈ পিতৃয়ে বাছি ল’লে আত্মহননৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.