Goalpara Broken Bridge : কোটি টকীয়া দলঙৰ দুৰৱস্থা, পাৰ হ'বলৈ ভয় ৰাইজৰ..!

author img

By

Published : Nov 24, 2022, 12:17 PM IST

Bridge

দুবছৰ পূৰ্বে প্ৰায় ১ কোটি ১৪ লাখ টকা ব্যয় সাপেক্ষে ৰাইজে নিৰ্মাণ কৰিছিল দলংখন । ৮ মাহ পূৰ্বে লোক নিৰ্মাণ বিভাগে চমজি লোৱাৰ পাছৰে পৰা দলংখনৰ মেৰামতি হোৱা নাই (Lack of repair of the bridge)। বিভিন্ন স্থানত দলংখন ভাঙি গৈছে । ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । দলংখন মেৰামতি কৰাৰ লগতে তাত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে ।

গোৱালপাৰা,২৪ নৱেম্বৰ : গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল নগৰবেৰাৰ জলজলী নদীৰ ওপৰত থকা কোটি টকীয়া দলংখনৰ ওপৰেৰে এতিয়া যাতায়ত কৰিবলৈ ভয় ৰাইজৰ (Wooden bridge condition in Goalpara)। কোন মুহূৰ্তত দলঙত দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো নিশ্চয়তা নাই । কিয়নো ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম দলংসমূহৰ ভিতৰত অন্যতম এই দলংখন এতিয়া মৰণ ফান্দত পৰিণত হোৱাৰ উপক্ৰম হৈছে । ঠায়ে ঠায়ে ভাঙি গৈছে কাঠৰ দলংখন ।

উপায়বিহীন হৈ অতি বিপদসংকুলভাৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি স্থানীয় লোকসকলে নিতৌ পাৰ হ'বলগীয়া হৈছে ভঙা দলংখনেৰে । কিন্তু দলংখনৰ মেৰামতিৰ কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে । যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

কোটি টকীয়া দলঙৰ দুৰৱস্থা

উল্লেখ্য যে জলজলী নদীৰ ওপৰত থকা দীৰ্ঘতম কাঠৰ দলংখন দুবছৰ পূৰ্বে প্ৰায় ১ কোটি ১৪ লাখ টকা ব্যয় সাপেক্ষে ৰাইজে নিৰ্মাণ কৰিছিল । ৰাইজৰ দান-বৰঙণিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল দলংখন । তাৰ পাছত মাজে সময়ে ৰাইজে মেৰামতিও কৰিছিল দলংখন । কিন্তু পৰৱৰ্তী সময়ত প্ৰায় ৮ মাহ পূৰ্বে লোক নিৰ্মাণ বিভাগে দলংখন চমজি লয় ।

ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰা দলংখন লোক নিৰ্মাণ বিভাগে চমজি লয় যদিও আজিলৈ দলংখনৰ ন্যূনতম মেৰামতিও নকৰিলে বিভাগটোৱে । যাৰ ফলত দলংখন সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে । জহি খহি যাবলৈ আৰম্ভ কৰিছে কোটি টকীয়া দলংখন (Multi crore bridge has started collapsing) ।

বৰ্তমান দলংখনেৰে ই-ৰিক্সাকে ধৰি চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে । আনকি দলংখনেৰে এম্বুলেন্স সেৱাও বন্ধ হৈ পৰিছে । মটৰ চাইকেল বা সাধাৰণ যাত্ৰীয়ে কোনোমতে বিপদসংকুলভাৱে দলংখনেৰে পাৰ হ'ব পাৰিছে (Transportation suspended due to poor bridges)।

যাতায়াত ব্যৱস্থা বন্ধ হোৱাত এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ৰাইজে এই সন্দৰ্ভত প্ৰশাসনক বহুবাৰ জনাইছে যদিও কোনো সুফল পোৱা নাই । সেয়ে অতি শীঘ্ৰে দলংখন মেৰামতি কৰাৰ লগতে তাত এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Howly rash lottery result 2022 : লটাৰীত দৰিদ্ৰ কৃষকে পালে 'Tata Harrier'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.