International yoga compition: আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকালে ১৫ বছৰীয়া মৃগেশে

author img

By

Published : Nov 22, 2022, 5:18 PM IST

Mrigesh Thakurya won gold medal Traditional Yoga Competition in Haryana

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকালে গোৱালপাৰা জিলাৰ ১৫ বছৰীয়া কিশোৰ মৃগেশ ঠাকুৰীয়াই । ট্ৰেডিচনেল যোগাসন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে অসমৰ মৃগেশ ঠাকুৰীয়াই(Traditional Yoga Competition in Haryana) ।

গোৱালপাৰা,22 নৱেম্বৰ: আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসমৰ নাম ৷ অসমৰ নাম জিলিকালে অসমৰ এটি ১৫ বছৰীয়া কিশোৰে । হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল যোগাসন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে অসমৰ মৃগেশ ঠাকুৰীয়াই (Mrigesh Thakuria won gold medal international Yoga Competition in Haryana)। হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল যোগাসনত সোণৰ পদক অৰ্জাৰ লগতে ১১-১৬ বয়সৰ ল’ৰাৰ শাখাত আয়োজিত ’চেম্পিয়ন অব দ্যা চেম্পিয়ন’ ৰাউণ্ডত প্ৰথম ৰাণাৰ্চ আপ হ’বলৈ সক্ষম হয় মৃগেশ ঠাকুৰীয়াই (Mrigesh Thakurya achieved gold) ৷

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকালে ১৫ বছৰীয়া মৃগেশে

গোৱালপাৰা জিলাৰ নগৰবেৰাৰ বাসিন্দা মৃগেশ ঠাকুৰীয়া । নগৰবেৰাৰ পিজুপাৰা গাঁৱৰ প্ৰণয় কুমাৰ ঠাকুৰীয়া আৰু ববিতা মেধি ঠাকুৰীয়াৰ দ্বিতীয় সন্তান মৃগেশ ঠাকুৰীয়া । প্ৰবল অধ্যৱসায়ৰ বলত কঠোৰতকৈ কঠোৰ যোগাসন অনায়াসে কৰিব পাৰে গোৱালপাৰাৰ মৃগেশে ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰ মৃগেশ ঠাকুৰীয়াই পুৱা-গধূলি নিতৌ পঢ়া-শুনাৰ সমান্তৰালভাৱে যোগৰ অনুশীলন কৰে বুলি পিতৃ-মাতৃয়ে জানিবলৈ দিয়ে (Assam young guy achieved gold in Yoga) ।

সৰুৰ পৰা ডাঙৰলৈ প্ৰতিগৰাকী লোকৰ মানসিক-শাৰিৰীক বিকাশ তথা সুস্থ, কাৰ্যক্ষম হৈ থাকিবৰ বাবে যোগাভ্যাসৰ প্ৰয়োজন আছে বুলি জানিবলৈ দিয়ে যোগ চৰ্চাকাৰী কিশোৰজনে ৷ নিয়মিত যোগাভ্যাসে একাগ্ৰতা আৰু সংযমী ভাৱ বৃদ্ধি কৰাৰ লগতে শিক্ষাৰ্থীসকলে নিয়মিতভাবে যোগাভ্যাস কৰিলে স্মৃতিশক্তি বৃদ্ধি হয় বুলি কয় মৃগেশে(Nessecity of yoga in human life) ৷ তদুপৰি শিক্ষাৰ্থীসকলক নিতৌ যোগাভ্যাস কৰাৰ পোষকতা কৰে ১৫ বছৰীয়া কিশোৰ মৃগেশ ঠাকুৰীয়াই ৷

উল্লেখ্য যে ,১৫ বছৰীয়া কিশোৰ গৰাকীয়ে যোগ চৰ্চাৰ কৰাৰ পূৰ্বে একাগ্ৰতাৰে চলাই গৈছিল জিমনাষ্টিক ,এথলেটিকচৰ চৰ্চা ৷ পৰৱৰ্তী সময়ত মৃগেশৰ প্ৰশিক্ষকৰ পৰামৰ্শ অনুসৰি যোগ চৰ্চাত মনোনিৱেশ কৰিছিল ১৫ বছৰীয়া মৃগেশ ঠাকুৰীয়াই ৷

লগতে পঢ়ক: Bokakhat Youth dead at Kaliabor: একে গাঁৱৰ 5 বন্ধুৱে একেলগে হেৰুৱালে প্ৰাণ: বোকাখাতত অবৰ্ণনীয় পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.