গোৱালপাৰাত কেঁকো সাপ সহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Sep 23, 2022, 5:25 PM IST

Man arrested with Keko snake in Goalpara

গোৱালপাৰাত আৰক্ষীৰ অভিযানত দুষ্প্ৰাপ্য কেঁকো সাপসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ (Keko Snake Smuggler arrested at Goalpara)

গোৱালপাৰা ,23 ছেপ্টেম্বৰ: অব্যাহত আছে দুষ্প্ৰাপ্য কেঁকো সাপৰ চোৰাং বেহা(Smuggling of rare Keko Snake) ৷ আৰক্ষী আৰু বন বিভাগৰ ব্যাপক তৎপৰতাৰ পিছতো দুষ্ট চক্ৰই বিভিন্ন পন্থাৰে কেঁকো সাপৰ চোৰাং সৰবৰাহ কৰি এক বৃহৎ ব্যৱসায় চলাই আহিছে । গোপন সূত্ৰৰ পম খেদি গোৱালপাৰা বন সুৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত অভিযান চলাই জিলাখনৰ কাঠালবাৰীৰ পৰা কেঁকো সাপসহ এজনক গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম আব্দুল আলী বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ । বৃহস্পতিবাৰৰ নিশা ১২.৩০ বজাৰ পৰা ৩ বজালৈ গোৱালপাৰা বন সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত আব্দুল আলীৰ গৃহৰ পৰা সংশ্লিষ্ট বিভাগে উদ্ধাৰ কৰে দুডালকৈ দুষ্প্ৰাপ্য কেঁকো সাপ( Illegal trade of Keko Snake) ৷

বৰ্তমান বন সুৰক্ষা বাহিনীৰ জিম্মাত আছে লোকজন ।

লগতে পঢ়ক: মাজুলীবাসীক মাধমাৰ; 100 শতাংশ বৃদ্ধি হ’ব ফেৰী ভাড়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.