অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰূপত মানি নলয় অজগৰ পাহাৰবাসীয়ে

author img

By

Published : Aug 20, 2021, 9:50 AM IST

protests against python hill wildlife sanctuary

এইবেলি বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে গোৱালপাৰা জিলাৰ অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰিছিল ৷ এই বাতৰিয়ে প্ৰকৃতিপ্ৰেমীক আনন্দিত কৰি তুলিছে ৷ কিন্তু আনন্দৰ মাজতো শংকিত হৈ পৰিছে অজগৰ পাহাৰত বসবাস কৰা লোকসকল ৷

গোৱালপাৰা, 20 আগষ্ট : প্ৰতিকুল বতৰকো নেওচি গোৱালপাৰাৰ বাঘমাৰাত সহস্ৰাধিক লোকৰ প্ৰতিবাদ । অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে কৰা বিত্তমন্ত্ৰীৰ ঘোষণাৰ বিৰোধীতাৰে বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলা হয় পৰিৱেশ । জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আহিব বুলি অঞ্চলটোৰ ৰাইজে বিচৰা নাই বন্যপ্ৰাণী অভয়াৰণ্যখন ৷

গোৱালপাৰা জিলাৰ অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে বিত্তমন্ত্ৰী অজন্তা নেওগে এইবেলি বাজেটত উল্লেখ কৰিছিল ৷ এই বাতৰি লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল । কিন্তু ইয়াৰ বিপৰীতে ৪২.০৪ বৰ্গ কিল’মিটাৰ ঠাই আগুৰি থকা অজগৰ পাহাৰৰ ভিতৰত আৰু আশে পাশে থকা ৫১ খন গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে ।

আমাক নালাগে অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্য

বৃহস্পতিবাৰে শংকিত ৰাইজে পাহাৰখনৰ দাঁতিত থকা বাঘমাৰা গাঁৱত সমবেত হৈ প্ৰতিকুল বতৰকো নেওচি সাব্যস্ত কৰে প্ৰতিবাদ ।

সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায়, বন বিভাগ হায় হায়, বন্যপ্ৰাণী অভয়াৰণ্য আমাক নালাগে আদি শ্ল’গান দি আকাশ-বতাহ কঁপাই তোলে । উল্লেখ্য যে, যুগ যুগ ধৰি পাহাৰখনত বসবাস কৰা ৰাভা আৰু গাৰো লোকসকলে উচ্ছেদৰ লগতে আৰু জীৱন জীৱিকা নোহোৱা হোৱাৰ ভয়ত শংকিত হৈ পৰিছে ৷ ফলত নিজ অঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

পাহাৰখনত বসবাস কৰা ৰাভা আৰু গাৰো জনগোষ্ঠীয় লোক সকলে তামোল পান, আনাৰস,আদা, জলকীয়া, কচু আদিৰ লগতে বিভিন্ন ধৰণৰ ফলমূলৰ খেতি কৰি জীৱন-জীৱিকা চলাই আহিছে । সেয়ে পাহাৰখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে পৰিণত হ’লে তেওঁলোক উচ্ছেদ হোৱাৰ লগতে উপাৰ্জন হীন হৈ পৰিব বুলি শংকিত হৈ পৰিছে ।

শংকিত ৰাইজে ইতিমধ্যে ৫১ খন গাঁৱক সামৰি অজগৰ পাহাৰ সুৰক্ষা সমিতি নামেৰে এখন কমিটীও গঠন কৰিছে । ইতিমধ্যে কমিটী খনৰ জৰিয়তে গোৱালপাৰা জিলা উপায়ুক্তক এই সম্পৰ্কত এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক: Covid Protocol : ৪ মাহত ৪ টকাৰো উপাৰ্জন নাই বাছ কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.