জেহাদী আজমল হুছেইনক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

author img

By

Published : Sep 2, 2022, 8:53 PM IST

Jihadi Ajmal Hussain sent to police custody

ধৃত জেহাদী আজমল হুছেইনক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে (Jihadi Ajmal Hussain sent to police custody) ৷ পূৰ্বতে‌ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদী আব্দুছ চোবাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী মহানগৰীৰ পৰা গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আজমল হুছেইনক‌ (Assam Jihadi news) ৷

গোৱালপাৰা, 2 ছেপ্টেম্বৰ: গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পঞ্চমটো জেহাদী আজমল হুছেইনক ৬ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে (Jihadi Ajmal Hussain sent to police custody) ৷ পূৰ্বতে‌ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদী আব্দুছ চোবাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী মহানগৰীৰ পৰা গোৱালপাৰা আৰক্ষীয়ে আজমল হুছেইনক‌ গ্ৰেপ্তাৰ কৰিছিল (Jihadi Ajmal Hussai arrested from Guwahati) ৷ সম্প্ৰতি দুধনৈ আৰক্ষী থানাত জেৰা অব্যাহত‌ ৰাখিছে ধৃত জেহাদী আজমল হুছেইনক ৷ জেৰাত অধিক তথ্য উদঘাটন হোৱাৰ সম্ভাৱনা গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীৰ ৷

জেহাদী আজমল হুছেইনক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ইতিমধ্যে ধৃত আজমল হুছেইনক লগত লৈ গোৱালপাৰা আৰক্ষীয়ে গুৱাহাটীস্থিত ধীৰেণপাৰাৰ বাসগৃহত অভিযান চলাইছে‌ (Jihadi in Guwahati)৷ অভিযানত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ কৰাৰ লগতে মৌলবাদী সংগঠন অল-কায়দাৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ আনকি অভিযানত জেহাদী সম্পৰ্কীয় কিতাপো উদ্ধাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে‌ (Assam Jihadi news) ৷

ধৃত আজমল হুছেইনে বাংলাদেশৰ পৰা অহা জেহাদীক আশ্ৰয় দিছিল ৷ আজমলে নিজেও অল-কায়দা আৰু আনছাৰুল্লা বাংলা টীমৰ অধীনত প্ৰশিক্ষণ লৈছিল বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে (Ansarullah Bangla team of Bangladesh) ৷

আনহাতে বাংলাদেশৰ পৰা অহা সন্ত্ৰাসবাদী সদস্যক আশ্ৰয় দিয়াৰ লগতে সংগঠনৰ কাম-কাজত টকা-পইচা যোগান ধৰিছিল ধৃত আজমলে ৷ গোৱালপাৰা জিলাৰ মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদী আব্দুছ চোবাহানক আজমল হুছেইনে গুৱাহাটীৰ ধীৰেণপাৰাত থকা মছজিদত ইমাম হিচাপে যোগদান কৰাইছিল ৷ তাৰ বাবদ মাননীও দিছিল আজমলে ৷

উল্লেখ্য যে, আজমল হুছেইনৰ জেৰা সম্পূৰ্ণ হোৱা নাই ৷ শুকুৰবাৰৰ পৰা পুনৰ জেৰা চলিব আজমল হুছেইনৰ ৷ জেৰা সম্পূৰ্ণ হোৱাৰ পিছত অধিক তথ্য লাভৰ সম্ভাৱনা ব্যক্ত কৰে আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে ৷

দেখা গৈছে যে, ৰাজ্যৰ সংখ্যালঘু প্ৰধান জিলা কেইখনত বিগত সময়ছোৱাত বহুকেইটা জেহাদীৰ কাৰ্যকলাপ পোহৰলৈ অহাৰ লগতে গ্ৰেপ্তাৰ হৈছে কেইবাটাও জেহাদী সদস্য আৰু লিংকমেন ৷ ইয়াৰ ভিতৰত বাংলাদেশৰ পৰা আহি ইমামৰ ৰূপত জেহাদৰ পাঠ পঢ়োৱা আনছাৰুল্লা বাংলা টীমৰ সদস্যও জালত পৰিছে আৰক্ষীৰ ৷ জেহাদী গ্ৰেপ্তাৰ হোৱা তিনিখন জিলা ক্ৰমে মৰিগাঁও, বৰপেটা আৰু বঙাইগাঁৱত তিনিখনকৈ মাদ্ৰাছা ইতিমধ্যে ভাঙি পেলোৱা হৈছে (Madrasa demolition in Assam) ৷

এই গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ তথ্যৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নিয়মীয়াভাৱে জেহাদী তথা লিংকমেন আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ জেহাদীৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি ইতিমধ্যে জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

লগতে পঢ়ক: ফটাশিল আমবাৰীৰ পৰা গ্ৰেপ্তাৰ আমজদ আজমলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.