গোৱালপাৰাত গৰুৰ অবৈধ বজাৰ চলি অহাৰ গুৰুতৰ অভিযোগ

author img

By

Published : Sep 25, 2022, 2:25 PM IST

Cow smuggling in Goalpara

গোৱালপাৰা গৌৰনগৰ ব্ৰিজ তিনিআলি বজাৰত দীর্ঘদিনৰ পৰা গৰুৰ অবৈধ বজাৰ চলি অহাৰ অভিযোগ (Cow smuggling in Assam)। এই গৰু বজাৰৰ পৰাই ন-ন কৌশলেৰে নিতৌ বাংলাদেশলৈ সৰবৰাহ হয় গৰু ।

গোৱালপাৰা, 24 ছেপ্টেম্বৰ: গোৱালপাৰাত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cow smuggling in Assam) ৷ জিলাখনৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৌৰনগৰ ব্ৰীজ তিনিআলিত দীর্ঘদিনৰে পৰা গৰুৰ এখন অবৈধ বজাৰ চলি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । নামনি অসমৰ এই অবৈধ গো- বজাৰৰ পৰাই শ শ গৰু ন ন কৌশলেৰে জলেশ্বৰৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ হয় বাংলাদেশলৈ ।

অভিযোগ অনুসৰি, জলেশ্বৰ আঞ্চলিক পঞ্চায়ত তথা জিলা পৰিষদৰ কোনোধৰণৰ অনুমতি নোলোৱাকৈ বহু দিনৰে পৰাই একাংশ গৰু মাফিয়াই অবৈধভাৱে চলাই আহিছে গৰুৰ বজাৰটো । ফলত চৰকাৰে হেৰুৱাব লগা হৈছে বৃহৎ পৰিমাণৰ কৰ । একাংশ লোকৰ ইচ্ছা মতে চৰকাৰক বৃহৎ ৰাজহ কৰ ফাকিৰে অবৈধভাবে চলাই আহিছে জলেশ্বৰ আঞ্চলিক পঞ্চায়তৰ অধিনস্ত গৌৰনগৰ ব্ৰীজ তিনি আলি স্থিতত গৰু বজাৰটো ।

এই অভিযোগ আমাৰ নহয়, এই অভিযোগ জলেশ্বৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়নাল আবেদিনৰ । দেওবাৰে এক সংবাদ মাধ্যমমেল যোগে এই অভিযোগ উত্থাপন কৰে জলেশ্বৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকীয়ে ৷ দীর্ঘদিন ধৰি অবৈধ গো-বজাৰৰ সৈতে জড়িত আছে আব্দুল মজিদ মোল্লা, ৰেজাউল কৰিম প্ৰধানী, বদিৰুল ইছলাম,শ্বহিদুল ইছলাম, মালেক মোল্লা, আমিনুল ইছলাম, মজিবৰ ৰহমানৰ বুলি উল্লেখ কৰে পঞ্চায়ত সভাপতি গৰাকীয়ে ।

গোৱালপাৰাত গৰুৰ এখন অবৈধ বজাৰ চলি অহাৰ গুৰুতৰ অভিযোগ

উল্লেখযোগ্য যে, অবৈধ গো-বজাৰ সন্দৰ্ভত গোৱালপাৰা জিলাৰ উপায়ুক্ত আৰু গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষকক জলেশ্বৰ আঞ্চলিক পঞ্চায়তৰ পৰা লিখিত অভিযোগ পত্ৰ দিছিল ২০২১ চনৰ ডিচেম্বৰত ৷ কিন্তু সেই অভিযোগ আজিও অভিযোগেই হৈ থাকিল ৷ জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকৰ ফালৰ পৰা কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে জলেশ্বৰ আঞ্চলিক পঞ্চায়ত সভাপতি গৰাকীয়ে ।

আনফালে গৰুৰ এই অবৈধ বজাৰৰ পৰাই নিশাৰ এন্ধাৰত দলে দলে গৰু অবৈধভাৱে মেঘালয় হৈ বাংলাদেশলৈ সৰৱৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এতিয়া প্ৰশ্ন হয়, খোদ আৰক্ষীৰ বৰমুৰীয়াৰ আশীৰ্বাদতে চলিছে নেকি এই অবৈধ গৰুৰ ছিণ্ডিকেট ? কাৰ আশীৰ্বাদত একাংশ গো-মাফিয়াই এনেকৈ অবৈধভাৱে বিশাল গো-বজাৰ চলাই আহিছে ?

লগতে পঢ়ক: বোকাখাতত গৰুৰ চোৰাং বেহা: ট্ৰাকৰ ভিতৰত 45 টা মৃত গৰু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.