গোৱালপাৰাত আৰক্ষীৰ জালত দুই গৰু চোৰ

author img

By

Published : Aug 24, 2021, 5:43 PM IST

Cattle thief arrested in Goalpara

গোৱালপাৰাত গৰু চুৰি কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল দুই চোৰ । ধৃত চোৰ দুটাৰ পৰা ৭টা গৰু উদ্ধাৰ কৰে জলেশ্বৰ আৰক্ষীয়ে । মঙলবাৰে গৰুসহ চোৰ দুটাক ধুবুৰী আৰক্ষীক গটাই দিয়ে জলেশ্বৰ আৰক্ষীয়ে ।

গোৱালপাৰা, ২৪ আগষ্ট: এটাৰ পাছত আনটো গৰু চুৰি কাণ্ড সংঘটিত হৈছে গোৱালপাৰা জিলাত । গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান । সোমবাৰে নিশা জলেশ্বৰ আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত বান্দৰ মাথা গাঁৱত অভিযান চলায় আৰু দুটা গৰু চোৰক আটক কৰে । ধৃত চোৰ দুটা ফয়জল হক আৰু আব্দুল বুলি জানিব পৰা গৈছে ।

চোৰ দুটাৰ পৰা জলেশ্বৰ আৰক্ষীয়ে ৭টা গৰু উদ্ধাৰ কৰে । জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰে জনোৱা মতে, যোৱা ২০ আগষ্টত ধুবুৰী জিলাৰ মাজেৰ চৰৰ পৰা এই গৰুকেইটা চুৰি হৈছিল । পিছত আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই চুৰি কাণ্ডৰ সৈতে বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জলেশ্বৰ আৰক্ষীয়ে ।

গোৱালপাৰাত আৰক্ষীৰ জালত দুই গৰু চোৰ

মঙলবাৰে গৰুসহ চোৰ দুটাক ধুবুৰী আৰক্ষীক গটাই দিয়ে জলেশ্বৰ আৰক্ষীয়ে । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । বৰ্তমান গৰু চুৰি চক্ৰৰ বিৰুদ্ধে প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে ।

Cattle thief arrested in Goalpara
গোৱালপাৰাত আৰক্ষীৰ জালত দুই গৰু চোৰ

কিয়নো, এতিয়াও অসমৰ পৰা বাংলাদেশলৈ একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে । জলেশ্বৰ আৰক্ষীয়ে জনোৱা মতে, জেৰাত চোৰকেইটাই স্বীকাৰ কৰিছে যে, চুৰি গৰুকেইটা তেওঁলোকে কেৱল ৰাখিছিলহে, চুৰি কৰা নাই । পৰিকল্পিতভাৱে গৰু চুৰি চক্ৰই মাজেৰ চৰৰ পৰা এই গৰুকেইটা চুৰি কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । শীঘ্ৰেই এই বেহাৰে জড়িত আৰু বহু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ৰঙিয়াত উপস্থিত ITBPৰ ২১ জনীয়া চাইকেলিষ্টৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.