লিডুৰ কয়লা খনিত মৃত্যু হোৱা আছমতৰ নিথৰ দেহ পালেহি ঘৰ

author img

By

Published : Sep 21, 2022, 6:32 PM IST

Updated : Sep 21, 2022, 10:42 PM IST

Asmat Alis body returned home in Goalpara

ঘৰৰ পৰা সুস্থ শৰীৰে উলাই যোৱা আছমত আলীৰ আজি নিথৰ দেহ উভতি আহিল ঘৰলৈ ৷ ইয়াৰ পিছতে কান্দোনৰ ৰোল উঠে পৰিয়ালবৰ্গৰ মাজত ৷ অঞ্চলজুৰি সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ (Laborers die at Lidu coal mine) ৷

গোৱালপাৰা, 21 ছেপ্টেম্বৰ: পেটৰ তাড়ণাত কামৰ বাবে বঙাইগাঁও আৰু গোৱালপাৰৰ পৰা তিনি শ্ৰমিক গৈছিল সুদুৰ তিনিচুকীয়া জিলাৰ লিডুলৈ ৷ পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে যোৱা এই শ্ৰমিককেইজনে হঠাৎ অস্বাভাৱিকভাৱে মৃত্যুক সাবটি ল’বলগীয়া হয় ৷ নিহত শ্ৰমিককেইজন ক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী ৷ ঘৰৰ পৰা সুস্থ শৰীৰে উলাই যোৱা আছমত আলীৰ আজি নিথৰ দেহ উভতি আহিল ঘৰলৈ ৷ ইয়াৰ পিছতে কান্দোনৰ ৰোল উঠে পৰিয়ালবৰ্গৰ মাজত ৷ অঞ্চলজুৰি সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ ৷

উল্লেখ্য যে, লিডুৰ মালৌ পাহাৰত চোৰাং কয়লা খান্দিবলৈ তিনি শ্ৰমিকক লৈ গৈছিল কয়লা মাফিয়াই ৷ সেইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু দেওবাৰে শ্ৰমিককেইজনৰ লগত হঠাৎ সংঘটিত হয় এক অঘটন ৷ ডিভিড নাগাৰ কয়লা খনিত দেওবাৰে নিশা আকস্মিকভাৱে মৃত্যু হয় তিনি শ্ৰমিকৰ (Laborers die at Lidu coal mine) ৷

লিডুৰ কয়লা খনিত মৃত্যু হোৱা আছমতৰ নিথৰ দেহ পালেহি ঘৰ

কয়লা খনিত গেছ লিক হোৱাৰ ফলতেই তিনি শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Lidu coal mine incident) ৷ তিনি শ্ৰমিকৰ মৃত্যুৰ পাছতে ৰহস্যজনকভাৱে এই ক্ষেত্ৰত শ্ৰমিক কেইজনৰ মৃতদেহ মালিকপক্ষই গোপনে নিশাৰ ভিতৰতেই মাটিৰ তলত পুতি থোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হয় ৷ এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীও তৎপৰতাৰে অভিযান চলাই ৷ মঙলবাৰে আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ তিনি শ্ৰমিকৰ মৃতদেহ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে আটক কৰিছে ৮ জনক (Three die in illegal coalmine at Ledo)।

উল্লেখ্য যে, কয়লা খনিত শ্ৰমিক হিচাপে কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছিল আছমতে । আছমতৰ মৃত্যুৰ পিছতে দুই অবুজ সন্তানসহ দিশহাৰা হৈ পৰিছে পত্নী ৷ কোনোমতে পৰিয়ালটোক পোহপাল দিয়া ঘৰখনৰ একমাত্ৰ ভৰষা আছিল আছিল আছমত ৷ এতিয়া আছমতৰ মৃত্যুৰ পিছত পৰিয়ালটো কেনেকৈ চলিব, কি কৰিব তাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজ ৷ সেয়েহে স্থানীয় ৰাইজে এই পৰিয়ালটোক ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ জড়িয়তে আৰ্থিক সকাহ দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ৷ লগতে এই ঘটনাৰ লগত জড়িত দোষিক উচিত শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় গাঁওবাসীয়ে ৷

লগতে পঢ়ক: অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃত্যুৰ পাছতে তৎপৰ হৈছে তিনিচুকীয়া আৰক্ষী

Last Updated :Sep 21, 2022, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.