Goalpara Municipal Board : দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত বিজেপি গঠিত গোৱালপাৰা পৌৰসভা

author img

By

Published : Nov 6, 2022, 12:35 PM IST

Etv BharatGoalpara Municipal Board

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত বিজেপি গঠিত গোৱালপাৰা পৌৰসভা (Goalpara Municipal Board)। গোৱালপাৰা পৌৰসভাত মল পৰিশোধন প্লাণ্টৰ নামত কোটিটকীয়া বৃহৎ কেলেংকাৰী । নীতি-নিয়মক জলাঞ্জলি দি এটা কোম্পানীলৈ অহেতুক দৰদ কিয় পৌৰসভাৰ ? চাওক ই টিভি ভাৰত অসমৰ এক exclusive প্ৰতিবেদন ।

গোৱালপাৰা, 6 নৱেম্বৰ : এটাৰ পিছত আনটো বিয়াগোম কেলেংকাৰীৰ অভিযোগে জোকাৰিছে গোৱালপাৰা পৌৰসভা (Goalpara Municipal Board)। পঞ্চদশ বিত্তীয় আয়োগৰ(Fifteenth Finance Commission) ধনেৰে ১.১২ কোটি টকীয়া আৰ অ' প্লাণ্টৰ কাম আৰম্ভ নকৰাকৈয়ে চাৰি মাহ পূৰ্বে ৰেডিয়েণ্ট ইঞ্জিনীয়াৰিং কোম্পানীক ৮০ শতাংশ (৮৬,৯৭,০৬৬) ধন মোকলাই দিয়া বৃহৎ কেলেংকাৰীৰ অভিযোগৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ একেটা কোম্পানীক আৱণ্টন দিয়া ১.৪০ কোটি টকীয়া 'মল পৰিশোধন প্লাণ্ট'ৰ কেলেংকাৰী আন এক বিস্ফোৰণক তথ্য পোহৰলৈ আহিছে ।

এই কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত গোৱালপাৰা পৌৰসভাৰ ১৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ধঞ্জীৱ ৰাভাই তদন্ত বিচাৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত স্মাৰক পত্ৰৰ জৰিয়তে অভিযোগ দাখিল কৰিছে । স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি গোৱালপাৰা পৌৰসভাৰ সভাপতি মহানন্দ পাঠক আৰু তদানীন্তন কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি ছেত্ৰীয়ে পৌৰ আইন, পঞ্চদশ বিত্তীয় আয়োগ (টাইড) ২০২১-২২ আঁচনিৰ নিয়মাৱলী, চেন্ট্ৰেল ভিজিলেঞ্চ কমিচন, অসম প্ৰকিউৰমেন্ট আইন(ঠিকা) ২০০৫, ৰাজ্যিক বিত্তীয় বিভাগ আদিৰ সকলো নীতি-নিয়ম উলংঘা কৰি নিবিদা অবিহনে ১.৪০ কোটি টকীয়া ঠিকা ৰেডিয়েণ্ট ইঞ্জিনিয়াৰিং নামৰ কোম্পানীক আৱণ্টন দি এক বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে (Scam in Goalpara Municipal Board)।

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত বিজেপি গঠিত গোৱালপাৰা পৌৰসভা

বৰ্তমান আঁচনিখনৰ কাম জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত থকা পৌৰসভাৰ এডোখৰ নিজস্ব ভূমিত পূৰ্ণগতিত চলি আছে । অভিযোগ অনুসৰি পৌৰসভাৰ অন্যান্য সদস্যক অন্ধকাৰত ৰাখি পৌৰপতি মহানন্দ পাঠকে সকলো নীতি-নিয়ম বিসৰ্জন দি মন পছন্দৰ কোম্পানীক ঠিকা আৱণ্টন কৰা আঁচনিখনৰ নাম হ'ল- মল পৰিশোধন প্লাণ্ট(এফ এছ টি পি) ।

যোৱা ১১ এপ্ৰিলত গঠন হোৱা গোৱালপাৰা পৌৰসভাৰ ব'ৰ্ডখনে ১১ মে'ত প্ৰথমখন ব'র্ড সভা অনুষ্ঠিত কৰে । কিন্ত প্ৰথম ব'র্ড সভা অনুষ্ঠিত হোৱাৰ ২২ দিন পূৰ্বে অৰ্থাৎ যোৱা ১৯ এপ্ৰিলত ব'র্ড সভা অনুষ্ঠিত নোহোৱাকৈয়ে পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ অধীনত (Faecal Sludge Treatment Plant) প্ৰাককলন প্ৰস্তুত কৰিবলৈ সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছক নিৰ্দেশনা জাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

তদুপৰি জিলা অনুমোদন ও নিৰীক্ষণ সমিতিয়ে কিহৰ ভিত্তিত পৌৰসভাৰ ব'র্ড সভাত প্ৰস্তাৱ গ্ৰহণ নকৰাকৈয়ে যোৱা ২০ জুনত উক্ত আঁচনিৰ কাম কৰিবলৈ অনুমতি প্ৰদান কৰিলে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । কাৰণ, অভিযোগ অনুসৰি যোৱা ১১ মে'ত অনুষ্ঠিত ব'র্ড সভাত পঞ্চদশ বিত্তীয় আয়োগৰ বিষয়ে কোনো আলোচনা হোৱা নাছিল । গতিকে এই সন্দৰ্ভত কোনো প্ৰস্তাৱ লোৱাও হোৱা নাছিল ।

পৌৰসভাখনৰ ব'ৰ্ডে যোৱা ১১ মে'ত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ যোৱা ২৪ জুনত অনুষ্ঠিত দ্বিতীয়খন ব'র্ড সভাতহে গৃহীত কৰা হৈছিল । ৱাৰ্ড কমিছনাৰ ধঞ্জীৱ ৰাভাই স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে, পঞ্চদশ বিত্তীয় আয়োগ আঁচনিৰ নিয়ম অনুসৰি পৌৰপতি তথা কাৰ্যবাহী বিষয়াই আঁচনি ৰূপায়নৰ সময়ত চেন্ট্ৰেল ভিজিলেন্স কমিচন, অসম প্ৰচিউৰমেন্ট আইন ২০০৫, বিত্তীয় বিভাগৰ নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক ।

কিন্তু এই সকলো নীতি-নিয়মক জলাঞ্জলি দি নিজ খেয়ালখুচি মতে কোম্পানীক ঠিকা আবণ্টন কৰি বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে । তদুপৰি চেণ্ট্ৰেল ভিজিলেন্স কমিচনৰ নিয়ম অনুসৰি পঁচিশ লাখ বা তাতোধিক পৰিমাণৰ মূল্যৰ কামৰ বাবে ই-টেণ্ডাৰ(২১ দিনৰ সময়)ৰ উপৰি নিজা ৱেবছাইট, এন আই চি'ৰ ৱেবছাইটত জাননী দিয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতত বিজ্ঞাপন দিয়াটো বাঞ্ছনীয় ।

কিন্তু সকলো নীতি-নিয়ম সম্পূৰ্ণ উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই বিত্তীয় অনিয়ম আৰু কেলেংকাৰী সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে কেলেংকাৰীত সাঙোৰখাই থকা সংশ্লিষ্টসকলক উচিত শাস্তি বিহাৰ দাবী জনায় পৌৰ আয়ুক্ত ধঞ্জীৱ ৰাভাই ।

লগতে পঢ়ক : 3 Police reserve closed: নগাঁৱৰ 3 আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.