Tribal Sangha Protest : উচ্ছেদ বন্ধৰ দাবীত ট্ৰাইবেল সংঘৰ বৃহৎ প্ৰতিবাদ

author img

By

Published : Nov 4, 2022, 5:43 PM IST

Goalpara

গোৱালপাৰাত সদৌ অসম ট্ৰাইবেল সংঘৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (All Assam Tribal Sangha Protest in Goalpara)। বনাঞ্চলত বাস কৰা জনজাতীয় লোকৰ বিৰুদ্ধে উচ্ছেদ বন্ধ কৰাৰ দাবী সংঘৰ । জনজাতীয় লোকসকলক ভূমিপট্টা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ।

গোৱালপাৰা,৪ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন বনাঞ্চলসমূহত চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত আছে (Eviction in Assam)। বনাঞ্চলৰ ভূমি বেদখল কৰা লোকসকলৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা দেখা গৈছে অসম চৰকাৰ লগতে প্ৰশাসনক (Eviction in forest area of Assam)। ইয়াৰ মাজতে চৰকাৰৰ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে গোৱালপাৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিভিন্ন সংগঠনে ।

উচ্ছেদ বন্ধ কৰাৰ দাবীত ট্ৰাইবেল সংঘৰ বৃহৎ প্ৰতিবাদ

গোৱালপাৰা জিলাত উচ্ছেদ বন্ধ কৰাৰ লগতে খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদানৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোৱালপাৰা জিলা ট্ৰাইবেল সংঘই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Tribal Sangha protest in Goalpara)। সহস্ৰাধিক ট্ৰাইবেল সংঘৰ বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড লৈ উচ্ছেদ অভিযান বিৰোধী শ্ল'গানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । জনজাতীয় লোকসকলৰ বিৰুদ্ধে উচ্ছেদ কৰা বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

প্ৰতিবাদত অংশ লৈ সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি বীৰেন ইংতিয়ে সাংবাদিকৰ আগত কয় যে যুগ যুগ ধৰি বনাঞ্চলসমূহত স্থায়ীভাৱে বসবাস কৰি অহা জনজাতীয় লোকসকলৰ ঘৰ-বাৰী, সা-সম্পত্তি এৰি বনাঞ্চল খালী কৰিবলৈ জাননী দিয়াত ক্ষুব্ধ হৈ পৰিছে লোকসকল । জনজাতীয় লোকসকলে যুগ যুগ ধৰি বনাঞ্চলসমূহ ধ্বংস কৰাৰ পৰিৱৰ্তে ৰক্ষণাৱেক্ষণ দি আহিছে বুলি তেওঁ দাবী কৰে । গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকাৰীয়ে হঠাৎ উচ্ছেদৰ জননী দিয়াত জনজাতীয় লোকসকল ভীতিগ্ৰস্ত আৰু সন্ত্ৰস্ত হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে ।

অতি শীঘ্ৰে জনজাতীয় লোকসকলৰ বিৰুদ্ধে উচ্ছেদৰ পৰিৱৰ্তে ভূমিপট্টা প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনায় সংঘৰ সভাপতিগৰাকীয়ে (Tribal Sangha demands grant of land patta)। ইফালে খিলঞ্জীয়া জনজাতীয় লোকসকলৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ বন্ধ নকৰিলে ৰাজ্যজুৰি ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ দিয়ে সদৌ অসম ট্ৰাইবেল সংঘই । আনহাতে গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :Protest demanding road construction: কোকৰাঝাৰত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.