AAMSU protest: নৱনিৰ্মিত দলং মুকলিৰ দাবীত কৃষ্ণাইত প্ৰতিবাদ

author img

By

Published : Dec 1, 2022, 3:42 PM IST

AAMSU

গোৱালপাৰা জিলাৰ কৃষ্ণাইত নৱনিৰ্মিত দলং মুকলি কৰাৰ দাবী (Protest at Krishnai)। আমছু আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী । অতিশীঘ্ৰে দলং মুকলি কৰি দিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰীৰ ।

গোৱালপাৰা,১ ডিচেম্বৰ : কৃষ্ণাই নদীৰ ওপৰত নৱনিৰ্মিত দলং মুকলি নকৰাৰ বাবে বিভিন্ন সংগঠন তথা ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে । বৃহস্পতিবাৰেও সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (AAMSU Protests to open newly constructed bridge)। প্ৰতিবাদৰ জৰিয়তে দলংখন অতিশীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে ।

নৱনিৰ্মিত দলং মুকলিৰ দাবীত কৃষ্ণাইত প্ৰতিবাদ

উল্লেখ্য যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰত নৱনিৰ্মিত পকী দলংখন এতিয়াও মুকলি কৰি দিয়া নাই । প্ৰায় দুমাহ পূৰ্বেই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল । কিন্তু আজিলৈ অজ্ঞাত কাৰণত দলংখন মুকলি কৰা হোৱা নাই । যাৰ বাবে দলংখনৰ কাষতে থকা অস্থায়ী দলঙেৰে যান-বাহন আৰু যাত্ৰীসকলে পাৰ হ'বলগীয়া হৈছে ।

সৰু দলংখনেৰে যান-বাহনসমূহ পাৰ হ'বলৈ বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হয় । ফলত যানজঁটৰো সৃষ্টি হয় । যানজঁটত এম্বুলেন্সকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনসমূহো আৱদ্ধ হৈ থাকিবলগীয়া হয় । ইফালে অস্থায়ী দলংখনৰো অৱস্থা শোচনীয় হৈ পৰিছে ।

উক্ত স্থানত ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে । দুৰ্ঘটনাত কেইবাজনো লোক মৃত্যুমুখত পৰাৰ লগতে আহত হ'বলগীয়া হৈছে । কিন্তু ইমানৰ পাছতো নিৰ্মাণ সম্পূৰ্ণ হোৱা দলংখন মুকলি কৰি নিদিয়াত আচৰিত হৈছে অঞ্চলটোৰ ৰাইজ আৰু স্থানীয় দল-সংগঠনসমূহ ।

উল্লেখ্য যে গোৱালপাৰা জিলা আমছুৱে যোৱা ১৪ অক্টোবৰত জিলা উপায়ুক্তক দলংখন মুকলি কৰি দিয়াৰ দাবীত স্মাৰকপত্র প্ৰদান কৰিছিল । কিন্তু আজিলৈকে জিলা প্রশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বৃহস্পতিবাৰে আমছু আৰু ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সদস্যসকলে ১৭ নং ৰাষ্ট্রীয় ঘাইপথৰ কৃষ্ণাই দলঙৰ কাষত ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU protest at Krishnai)। অতিশীঘ্ৰে দলংখন মুকলি কৰি নিদিলে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে আমছুৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে । প্ৰতিবাদী কাৰ্যসূচী জিলা আমছুৰ সভাপতিকে ধৰি আন আন কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Bongaigaon refinery worker protest : অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল বঙাইগাঁও শোধনাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.