6 খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ নিদিয়াক লৈ আমছু উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 18, 2021, 10:23 PM IST

aamsu protests

ৰাজ্যৰ বিশেষ 6 খন জিলাত টেট পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে প্ৰতিবাদৰ জুই ।

গোৱালপাৰা, 18 ছেপ্টেম্বৰ : ধুবুৰী, বৰপেটা, দক্ষিণ শালমাৰা, গোৱালপাৰাকে ধৰি ৰাজ্যৰ ছয় খনকৈ জিলাত টেট পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰাৰ পিছৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত জ্বলিছে প্ৰতিবাদৰ জুই ।

গোৱালপাৰা: গোৱালপাৰাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত গোৱালপাৰাতো টেট পৰীক্ষা কেন্দ্ৰ নিদিয়াৰ প্ৰতিবাদত গোৱালপাৰা মহাবিদ্যালয় প্ৰৱেশ দ্বাৰত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত নাম ভৰ্তি সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে সংগঠনটো কৰ্মী সকলে ৷

গোৱালপাৰাত টেট পৰীক্ষা কেন্দ্ৰ দিব লাগিবই, শিক্ষা মন্ত্ৰী মুর্দাবাদ, শিক্ষা বিভাগ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা আমছুৱে ।

লগতে পঢ়ক: দহ কোটি টকাত নিলাম হ’ল লাভলীনাৰ বক্সিং গ্ল’ভছ

ধুবুৰী : গোৱালপাৰা সমান্তৰালভাৱে ধুবুৰীতো শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আমছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ধুবুৰী জিলা আমছুৰ উদ্যোগত ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চল দুৰাহাটীৰ ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

হাতে হাতে প্লে'কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মুর্দাবাদ, শিক্ষামন্ত্ৰী হায় হায়, মুছলমানক লৈ ৰাজনীতি কৰা নচলিব আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা আমছুৱে । মুছলমানক লৈ ৰাজনীতি নকৰি ধুবুৰীকে ধৰি নামনিৰ জিলা কেইখনত টেট পৰীক্ষা কেন্দ্রৰ ব্যৱস্থা কৰাৰ দাবী জনায় আমছুৱে ।

aamsu protests
ধুবুৰীত উত্তাল প্ৰতিবাদ

লগতে পঢ়ক: প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ দেহাৱসান

গোলাঘাট: গোলাঘাটত জিলাতো আমছুৱে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে । ৰাজ্যত শিক্ষা বিভাগে টেট পৰীক্ষাৰ বাবে অসমৰ সংখ্যালঘু ৮ খন জিলাত পৰীক্ষাকেন্দ্ৰ স্থাপন নকৰাৰ প্ৰতিবাদত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে আমছু গোলাঘাট জিলা সমিতিয়ে ।

aamsu protests
গোলাঘাটত আমছুৰ প্ৰতিবাদ উত্তাল ৰাজপথ

ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ৰাজ্যত শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । শিক্ষামন্ত্ৰী হায় হায়, ৰনোজ পেগু মুৰ্দাবাদ আদি ধ্বনিৰে গোলাঘাটৰ ৰজপথ উত্তাল কৰি তুলে সংগঠনটোৱে । প্ৰতিবাদকাৰীক গোলাঘাট আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে আমছুৰ সভাপতি-সম্পাদকক আটক কৰে ।

লগতে পঢ়ক:দন্ত চিকিৎসক বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ

সৰুপথাৰ : সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ সৰুপথাৰটো শিক্ষা মন্ত্ৰী ডা৹ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰে আমছুৱে । আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে শনিবাৰে ধনশিৰি মহকুমাৰ আমছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসম চৰকাৰে সংখ্যালঘু বসতিপূৰ্ণ অসমৰ ৬খন জিলা বাদ দি টেট পৰীক্ষাক অনুষ্ঠিত কৰিবলৈ লোৱা অভিযোগ উত্থাপন কৰি চৰকাৰৰ এনে সিদ্ধান্তক বৈষম্যমূলক সিদ্ধান্ত আখ্যা দিয়ে আমছুৱে ৷

aamsu protests
সৰুপথাৰতো প্ৰতিবাদ সাব্যস্ত কৰিলে আমছুৱে

লগতে পঢ়ক: দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ শুনি হৃদক্ৰিয়া বন্ধ হৈ পিতৃৰো মৃত্যু

বিলাসীপাৰা: বিলাসীপাৰাত আমছুৰ উত্তাল প্ৰতিবাদ । বিলাসীপাৰা গান্ধী চকত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনৰ নেতা কৰ্মীয়ে ৷ ধুবুৰী জিলাৰ লগতে সংখ্যালঘু অধ্যুষিত মুঠ ৬ খন জিলাত টেট পৰিক্ষাৰ কেন্দ্ৰ নিদিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক: ৰাজ্যসভাৰ নিৰ্বাচন: ২১ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.