প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোৱালপাৰাত আমছুৰ মানৱ শৃংখল

author img

By

Published : Sep 23, 2021, 8:43 AM IST

aamsu-protest-in-goalpara-against-administration-eviction

কৰ’ণা মহামাৰীৰ মাজতো ৰাজ্যত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ এই উচ্ছেদ অভিযানক অমানৱীয় বুলি উল্লেখ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷

গোৱালপাৰা, 23 ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ প্ৰতিবাদত বুধবাৰে গোৱালপাৰা জিলা আমছুৱে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী । আমছুৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আমছুৰ জিলা সভাপতি আনিমুল হক চৌধুৰীয়ে প্ৰশাসনৰ এই উচ্ছেদ অভিযানক অমানৱীয় বুলি উল্লেখ কৰি উচ্ছেদিত লোকক ন্যায় প্ৰদানৰ বাবে আহ্বান জনায় ৷ তেওঁ চৰকাৰক অতি সোনকালে উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে ভূমিহীন লোকক ভূমি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ তদুপৰি উচ্ছেদৰ নামত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰাৰো বিস্ফোৰক অভিযোগ তোলে ৷

উল্লেখ্য যে, দৰং জিলাৰ ছিপাঝাৰত বুধবাৰে জিলা প্ৰশাসনে প্ৰায় ৪০০ পৰিয়ালক উচ্ছেদ কৰে ৷ প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে জাঙুৰ খাই উঠে গোৱালপাৰা জিলা আমছুৰ নেতৃবৰ্গ ৷ উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীত আমছু নেতৃত্বই বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.