কি আচৰিত : গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীক মৰম দিলেহে পাই বেংকৰ লোন !

author img

By

Published : Sep 22, 2022, 8:28 PM IST

Tension situation in Goalpara

"সদায় বেংকত যাও লোনটো আজিও নহয় কালিও নহয়, সদায় মোক ফোন, মেছেজ কৰি থাকে, সেইদিনা মোক ফোন কৰি কৈছে মোৰ লগত হোটেলত গলে লোনটো মোকলাই দিম ৷" এয়া এগৰাকী বেংক গ্ৰাহকৰ ভাষ্য ৷ ঘটনা গোৱালপাৰা জিলাৰ ধূপধৰাৰ ৷ এই লৈ এতিয়া উত্তপ্ত ধূপধৰা (Tense situation in Dhupdhara) ৷

গোৱালপাৰা, 22 ছেপ্টেম্বৰ: "সদায় বেংকলৈ যাও, লোনটো আজিও নহয় কালিও নহয়, সদায় মোক ফোন, মেছেজ কৰি থাকে, সেইদিনা মোক ফোন কৰি কৈছে মোৰ লগত হোটেলত গলে লোনটো মোকলাই দিম ৷" এয়া এগৰাকী বেংক গ্ৰাহকৰ ভাষ্য ৷ ঘটনাটো গোৱালপাৰা জিলাৰ ধূপধৰাৰ ৷ এই লৈ এতিয়া উত্তপ্ত ধূপধৰা (Tense situation in Dhupdhara) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ধূপধৰাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ ক্ষুদ্ৰ গ্ৰাহক সেৱা কেন্দ্ৰটোত অনৈতিক কাৰ্য সংঘটিত হোৱাৰ এটা দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত (A viral video sparked tension in Dhupdhara) । তাৰ পিছতেই ৰাইজৰ মাজত সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ঘটনাৰ পিছতেই আজি ৰাইজ তথা ধূপধৰা আৰু ধনুভাঙা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সদস্য উপস্থিত হয়গৈ অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোত ৷ ৰাইজ উপস্থিত হৈ জবাবদিহি কৰে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ কৰ্মচাৰী এলেন কছাৰীক ৷

কি আচৰিত : গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মচাৰীক মৰম দিলেহে পাই বেংকৰ লোন !

ৰাইজৰ সন্মুখত এই কুকৰ্ম সংঘটিত কৰা বুলি অকপট স্বীকাৰোক্তি এলেনৰ ৷ অৱশ্যে এই ঘটনাটো তিনিমাহ পূৰ্বৰ বুলি স্বীকাৰ কৰিছে এলেন কছাৰীৰ লগতে মহিলাগৰাকীয়ে । আনহাতে এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছিল গ্ৰাহক সেৱা কেন্দ্ৰৰ ভিতৰত থকা চি চি টি ভি কেমেৰাত ।

ইয়াৰ পিছতে ৰাইজে উত্তম-মধ্যম সোধাই এলেনক গতাই দিয়ে ধূপধৰা আৰক্ষীক ৷ ৰাইজে এলেনৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতে ধূপধৰা থানাত ৮২/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি এলেন কছাৰীক আজি জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ৰাইজৰ অভিযোগ - বিভিন্ন নাৰীজনীত কেলেংকাৰীত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল এলেন ৷ বেংকৰ পৰা কোনো মহিলা গ্ৰাহকে ধন উঠাব আহিলেই অশ্লীল ইংগিত দিয়াৰো অভিযোগ ধৃত এলেনৰ বিৰুদ্ধে ৷ ইফালে পুৰুষকে ধৰি অন্যান্য গ্ৰাহকৰ ক্ষেত্ৰতো উৎকোচ লৈহে ধন মোকলাই দিয়ে এলেনে ৷ যদি উৎকোচ দিব নোৱাৰে তেন্তে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই গ্ৰাহকক হাৰাশাস্তি কৰাৰো অভিযোগ ধৃত এলেনৰ বিৰুদ্ধে ৷ কেৱল ইমানেই নহয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহৰ নামত অহা ধন উলিয়াই দিয়াৰ নামতো গ্ৰাহকৰ পৰা ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ আছে এলেন কছাৰীৰ বিৰুদ্ধে ।

লগতে পঢ়ক: শিক্ষক দিৱসৰ দিনাই শিক্ষক সমাজক লজ্জানত কৰা এটা ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.