প্ৰতিখন কৰম পূজালৈ এক লাখ টকাৰ অনুদান ঘোষণা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ

author img

By

Published : Sep 7, 2022, 12:43 PM IST

1 lakh to the every Kram utsav celebration committee)

মৈজংগা চাহ বাগানত অষ্টম বাৰ্ষিক কৰম উৎসৱত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা(Rabha Hasong Autonomous Council) । গোৱালপাৰা জিলাৰ প্ৰতিখন কৰম পূজালৈ এক লাখ টকাকৈ অনুদানৰ ঘোষণা ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ(1 lakh to the every Kram utsav celebration committee) ।

গোৱালপাৰা, 7 ছেপ্টেম্বৰ: গোৱালপাৰাৰ মৈজংগা চাহ বাগানত বৃহৎ আড়ম্বৰেৰে আয়োজন কৰা হৈছে আদিবাসীসকলৰ পৱিত্ৰ 'কৰম উৎসৱ'ৰ (Karam puja celebrationat Goalpara)৷ মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে গোৱালপাৰাৰ মৈজংগা চাহ বাগানত অনুষ্ঠিত কৰা হয় অষ্টম বাৰ্ষিক আঞ্চলিক কৰম উৎসৱৰ(The 8th Annual Regional Karam Festival) ৷

এই উপলক্ষে আয়োজিত কাৰ্যসূচীৰ পূৱাই কৰমডাল সূতা বন্ধনীৰ দ্বাৰা মুকলি কৰা হয় ৷ ইয়াৰ পাছত কৰম উৎসৱৰ পতাকা উত্তোলন কৰা হয় । পতাকা উত্তোলন কৰে কৰম উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰূপম উৰাওঁৱে । ৯.২০ বজাত আনুষ্ঠানিকভাৱে কৰম পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিচতে উত্তোলন কৰা হয় বাৰ্ষিক পতাকা ।

দহ বজাত কৰম উৎসৱ উদযাপন সমিতিৰ গৌতম মেহাৰে শ্বহীদ তৰ্পণ কৰে । 10.30 বজাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় । এঘাৰ বজাত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালি । বিয়লি আঢ়ৈ বজাত কৰম যাত্ৰাৰ শুভাৰম্ভ কৰা হয় । চাৰে চাৰি বজাত 'কৰম আখড়া' মুকলি কৰা হয় । ইয়াৰ পাছতে পৱিত্ৰ কৰম পূজা অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । পূজাৰ প্ৰসাদ বিতৰণৰ পিচত অনুষ্ঠিত হয় আদিবাসীসকলৰ জাতীয় 'কৰম নৃত্য'।

নিশা ৯ বজাত মঞ্চ মুকলি কৰাৰ লগতে আমন্ত্ৰিত বিশিষ্ট অতিথি আৰু ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় । মঞ্চ মুকলি কৰে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । মঞ্চ মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাভাই আক্ষেপেৰে কয় যে, আদিবাসীসকলৰ পৱিত্ৰ 'কৰম উৎসৱ' উদযাপনত চাহ বাগিছা কৰ্তৃপক্ষই কোনো বিশেষ দান-বৰঙণি আগনবঢ়ায় । এয়া এক দুৰ্ভাগ্যজনক বিষয় বুলি উল্লেখ কৰি ৰাভাই পৱিত্ৰ কৰম পূজাই আদিবাসীসকলৰ কৰ্মস্পৃহা বঢ়োৱাত যে বিশেষ অৰিহণা যোগায় আহিছে সেই সন্দৰ্ভতো ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

লগতে আগন্তক নৱম বাৰ্ষিক কৰম উৎসৱ পালনৰ বাবে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা এক লাখ টকা অনুদান দিয়া হ'ব বুলি উদযাপন সমিতিলৈ প্ৰতিশ্ৰুতি আগবঢ়ায়(1 lakh to the Kram utsav celebration committee) । সমগ্ৰ জিলাখনৰ অন্যান্য কৰম উদযাপন সমিতিসমূহলৈকো এই অনুদান প্ৰদান কৰা হব বুলি পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে আদিবাসীলোকসকলে দিন-বছৰ ধৰি প্ৰাপ্য মজুৰি লাভৰ পৰা বঞ্চিত হৈ অহা বুলি উল্লেখ কৰাৰ লগতে পৰিষদ আদিবাসীসকলৰ এই সমস্যা-অসুবিধাসমূহক লৈ যথেষ্ট সচেতন বুলি সভাত উল্লেখ কৰে ৷ আদিবাসীসকলৰ উপযুক্ত শ্ৰমৰ মজুৰিৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনায় ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ কৰম উৎসৱৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে টংকেশ্বৰ ৰাভাই ৷

অনুষ্ঠানত চন্দ্ৰ উৰাওঁৰ স্বৰচিত আদিবাসী চান্দ্ৰী গীত এটিৰ শুভমুক্তি দিয়া হয় । নিশাৰ ভাগত অনুষ্ঠিত কৰা হয় সাংস্কৃতিক অনুষ্ঠান । সভাত বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।়

লগতে পঢ়ক: ASIA CUP 2022 : এতিয়াও এছিয়া কাপৰ ফাইনেল খেলিব পাৰিব ভাৰতে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.