ফেচবুকত আপত্তিজনক পোষ্ট দি আৰু এজন ৰঙাঘৰলৈ

author img

By

Published : Sep 8, 2022, 6:58 PM IST

ফেচবুকত আপত্তিজনক পোষ্ট দি আৰু এজন ৰঙাঘৰলৈ

অনন্ত পাল দুংগেল নামৰ যুৱকজনে উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে যোৱা 6 ছেপ্টেম্বৰত নিজৰ ফেচবুক পেজত এটা ভিডিঅ' প্ৰচাৰ কৰাৰ লগতে কিছুমান অপত্তিজনক মন্তব্য কৰিছিল ৷

হাফলং, 8 ছেপ্টেম্বৰ: ফেচবুকত আপত্তিজনক মন্তব্য দি গ্ৰেপ্তাৰ হল আৰু এজন যুৱক (Youth arrested at Haflong) । নিজৰ ফেচবুক পেজত উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি সম্প্ৰতি ৰঙাঘৰৰ আলহী হোৱা যুৱকজনৰ নাম হ’ল অনন্ত পাল দুংগেল ।

বৃহস্পতিবাৰে ডিমা হাছাও আৰক্ষীয়ে এই যুৱকজনক গুৱাহাটীৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰি হাফলঙলৈ লৈ আহে । যুৱকজনৰ পিতৃ উত্তম পাল হৈছে হাফলং অসামৰিক চিকিৎসালয়ৰ কৰ্মী ।

হাফলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত শইকীয়াই জানিবলৈ দিয়া মতে, অনন্ত পাল দুংগেল নামৰ যুৱকজনে উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ বিৰুদ্ধে যোৱা 6 ছেপ্টেম্বৰত নিজৰ ফেচবুক পেজত এটা ভিডিঅ' প্ৰচাৰ কৰাৰ লগতে কিছুমান অপত্তিজনক মন্তব্য কৰিছিল (Controversial post in Facebook) ৷

ইয়াৰ পিচতে হাফলং আৰক্ষীয়ে (Haflong Police)নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি গুৱাহাটীৰ পৰা এই যুৱকজনক গ্ৰেপ্তাৰ কৰে । বৃহস্পতিবাৰে অনন্ত পাল দুংগেলক হাফলঙলৈ অনাৰ পিচতে আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে অধিক সোধপোচৰ বাবে তিনিদিনৰ কাৰনে যুৱকজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুন্নাভাই চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.