উমৰাংচুত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ Falcon Festival 2021

author img

By

Published : Nov 20, 2021, 6:08 PM IST

Dima Hasao

বিগত কেইবাবছৰ ধৰি ডিমা হাছাও জিলাত আয়োজন কৰা হৈ আছে ফেলকন মহোৎসৱৰ । আমুৰ ফেলকন পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষা থীম লৈ শুকুৰাবৰৰ পৰা আৰম্ভ হৈছে ২০২১ বৰ্ষৰ ফেলকন মহোৎসৱ । প্ৰথম দিনাৰ নিশাৰ বিশেষ আকৰ্ষণ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল ।

ডিমা হাছাও,২০ নৱেম্বৰ : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ফেলকন মহোৎসৱ (Falcon Festival) । শুক্ৰবাৰে সন্ধিয়া উমৰাংচু টুংবুং গাঁওৰ কপিলী হ্ৰদৰ কাষত ফেলকন মহোৎসৱৰ উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই (Debolal Gorlosa) । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পাৰ্বত্য পৰিষদ খনৰ কাৰ্যনিৰ্বাহক সদস্য নজিত কেম্প্ৰাই, লালচিয়ামে ডাৰনে, চীফ কনজার্ভেটৰ ফৰেষ্ট এছ টুংনোং, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই, স্থানীয় পৰিষদ সদস্য জয়ছিং দুৰঙৰ লগতে বিভিন্নজন ।

উদ্বোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই কয় যে পৰিভ্ৰমী আমুৰ ফেলকন পক্ষী আমাৰ অতিথি আৰু ফেলকন মহোৎসৱ আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াত ফেলকন পক্ষীৰ হত্যা বন্ধ হৈছে । স্থানীয় লোকৰ মাজতো সজাগতা বৃদ্ধি হৈছে । চীফ কনজার্ভেটৰ ফৰেষ্ট এছ টুংনোংয়ে কয় যে চীন, চাইবেৰিয়াৰ পৰা এই পৰিভ্ৰমী আমুৰ ফেলকন পক্ষী ২২ হাজাৰ পথ ভ্ৰমণ কৰি দক্ষিণ আফ্ৰিকা চোমালিয়া লৈ যায় । যোৱাৰ পথত ডেৰ দুই মাহ এই পৰিভ্ৰমী আমুৰ ফেলকন পক্ষী ইয়াতে অৱস্থান কৰে ।

উমৰাংচুত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ Falcon Festival 2021

ফেলকন মহোৎসৱৰ এইবাৰৰ থীম হৈছে পৰিভ্ৰমী আমুৰ ফেলকন (Amur falcon) পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষা । ইফালে ফেলকন মহোৎসৱৰ আহ্বায়ক যশৰিংডাও ফংলোয় কয় যে এইবাৰ ফেলকন মহোৎসৱলৈ হাৰিয়ানা, ৰাজস্থান, চিমলা, জম্মু আৰু কাশ্মীৰৰ পৰা পৰ্যটকসকল আহিছে । ইয়াৰ উপৰিও উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্য আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা এই ফেলকন মহোৎসৱ উপভোগ কৰিবলৈ বহু পৰ্যটকৰ আগমন ঘটিছে ।

উল্লেখ্য যে এতিয়া পৰ্যটকৰ ভিৰ উমৰাংচু চহৰত । এখন হোটেল বা লজ, অতিথিশালা খালী নাই । ফেলকন মহোৎসৱ স্থলীত নিৰ্মাণ কৰা টেণ্টত আছে বহু পৰ্যটক ।

দুদিনীয়া এই ফেলকন মহোৎসৱৰ বিশেষ আকৰ্ষণ হৈছে চৰকাৰী প্ৰদৰ্শনী, বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰ, হেলিকপ্টাৰ ৰাইড, বেটেল অৱ বেণ্ড মিছ গ্ৰেণ্ড ফেলকন প্ৰতিযোগিতা । শুকুৰবাৰে নিশা এই মহোৎসৱত সংগীত পৰিবেশন কৰে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চেফালি এলভিয়াৰ্ছ আৰু জুবিন নটিয়ালে (Jubin Nautiyal) । শনিবাৰে নিশা সংগীত পৰিবেশন কৰিব ডি জে ৰফটাৰ (DJ Raftar) আৰু অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী শংকুৰাজ কোঁৱৰে ।

লগতে পঢ়ক :Dept allocation to BTR: হাগ্ৰামাৰ দিনত ৩৯ টা বিভাগ পোৱা BTR লৈ ১৬ টাহে কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.