DNLA extremist group ৰ আক্ৰমণত নিহত দুজন

author img

By

Published : Dec 6, 2021, 10:43 PM IST

two-person-died-in-dnla-attack

পুনৰ বিতৰ্কত ডিএনএলএ ৷ লাংটিঙৰ পৰা ৬ গৰাকী গঞাক ধৰি আনি অমানুষিক অত্যাচাৰ ৷ দুজনৰ মৃত্যু, ৪ জন আহত(Two person died in DNLA attack) ৷

ডিমা হাছাও, ৬ ডিছেম্বৰ : মাথোঁ এমাহ পূৰ্বে শান্তিৰ পথলৈ ঘূৰি অহা ডিমাছা উগ্ৰপন্থী সংগঠন ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ পুনৰ বিৰ্তকত সোমাই পৰিছে(DNLA extremist in controversy) ৷ এই মূহূৰ্তলৈকে আৰক্ষীয়ে একো কথা নিশ্চিত কৰা নাই যদিও গঞা ৰাইজৰ ভাষ্য অনুসৰি সদ্য অস্ত্ৰ বিৰতিলৈ অহা ডিএনএলএ উগ্ৰপন্থীয়ে লাংটিঙৰ পৰা ছগৰাকী গঞাক আজি তেওঁলোকৰ মাইবঙত থকা ডেজিগনেটেড কেম্পলৈ মাতি আনে ৷

তাৰ পিছতে ডিএনএলএৰ এটা দলে ৬ গৰাকী লোকক প্ৰচণ্ড মাৰপিট কৰে(DNLA extremist group fight with civilians) ৷ দলটোৱে লাঠিৰে লোক কেইজনক ইমানেই মাৰধৰ কৰে যে, ইয়াৰ ফলত দুগৰাকী ব্যক্তিৰ মৃত্যু হয় আৰু আন ৪ গৰাকী গুৰুত্বৰ ভাৱে আহত হয় ৷ এই বিষয়ে জানিব পাৰি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

আনহাতে, আৰক্ষীয়ে এই ঘটনাত জড়িত ৫ গৰাকী ডি এন এল এ-ৰ নেতা কেডাৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

কিন্তু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো তথ্য আনুষ্ঠানিক ভাৱে সংবাদ মাধ্যমক অৱগত কৰা নাই ৷ ইপিনে ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ প্ৰহাৰত মৃত্যু হোৱা ব্যক্তি দুগৰাকী হ’ল ৰূপচান্দ লাংথাচা আৰু বিমল গোস্বামী(Two person died in DNLA attack)। আনহাতে গুৰুতৰ ভাৱে আহত আন চাৰিগৰাকী মংছাই লাংথাচা, ৰমেশ হাগজেৰ, ৰাজু আৰদাও আৰু অবিনাশ আৰদাও বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :NSCN Peace Talks: ম'ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.