পৰ্যটকৰ বাবে উমৰাংচুত নিৰ্মাণ কৰা হৈছে অতিথিশালা

author img

By

Published : Sep 7, 2021, 4:39 PM IST

Tourisim industry in Dima hasao

পাহাৰীয়া জিলা ডিমা হাছাওৰ সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে পৰ্যটকৰ আগমণ ঘটে । শেহতীয়াকৈ গুৱাহাটীৰ পৰা ভিষ্টাডম ৰে'ল সেৱাও আৰম্ভ হৈছে । সেয়ে পৰ্যটকৰ থকা-খোৱাৰ সু-ব্যৱস্থা কৰিবলৈ অতিথিশালা নিৰ্মাণ কৰা হৈছে উমৰাংচুত ।

ডিমা হাছাও, ৭ ছেপ্টেম্বৰ: দেশ-বিদেশৰ পৰ্যটকক আদৰিবলৈ সাজু ডিমা হাছাও । পৰ্যটকৰ সুবিধাৰ্থে পাহাৰীয়া জিলাখনৰ উমৰাংছুত নতুনকৈ নিৰ্মাণ কৰা হৈছে অতিথিশালা । থকা-খোৱাৰ সু-ব্যৱস্থা কৰা হৈছে এই অতিথিশালাত । শেহতীয়াকৈ ভাৰতীয় ৰে'ল আৰু অসম পৰ্যটন বিভাগে ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ কৰিছে ।

ইতিমধ্যে ২৩ অক্টোবৰ পৰ্যন্ত এই ভিষ্টাডম ৰে'লৰ সকলো টিকট বুক হৈছে । গুৱাহাটীৰ পৰা নিউ হাফলঙলৈ প্ৰথম আনুষ্ঠানিকভাৱে ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ কৰা হৈছে । কিন্তু এটা সপ্তাহৰ ভিতৰতে ভিষ্টাডম ৰে'লৰ সকলো টিকট বুক হৈছে । আনহাতে, ৰাজ্যত ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে আৰু ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ হোৱাৰ ফলত পাহাৰীয়া জিলাখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ।

পৰ্যটকৰ বাবে উমৰাংচুত নিৰ্মাণ কৰা হৈছে গেষ্ট হাউচ

ইপিনে, পৰ্যটকৰ বাবে এই বিশেষ ৰে'লখন আৰম্ভ হ'লেও নিউ হাফলং ষ্টেচনত টুৰিষ্ট ইফৰ্মেশ্বন চেণ্টাৰ বা হেল্প ডেস্ক এতিয়ালৈকে মুকলি কৰা হোৱা নাই । আনহাতে, জিলা পৰ্যটন বিভাগে জানিবলৈ দিয়া মতে, হাফলং চহৰত নতুন-পুৰণি সকলো হোটেল, লজ, অতিথিশালাত মুঠ ১৬৯ খন বিচনা আছে ।

নৱেম্বৰ-ডিচেম্বৰ মাহত যদি পৰ্যটকৰ সংখ্যা বৃদ্ধি পায়, তেন্তে হোম ষ্টে-ত অধিক গুৰুত্ব দিয়া হ'ব বুলি পৰ্যটন বিভাগে জানিবলৈ দিছে । ইতিমধ্যে, উমৰাংচুৰ পানীমুৰত পৰ্যটকৰ বাবে অতিথিশালা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে । আনহাতে, হাফলং চহৰত থকা হ্ৰদৰ ওপৰত এমপি থিয়েটাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত পৰ্যটন বিভাগৰ দায়িত্বত থকা পৰিষদৰ সদস্য মনজিৎ নাইডিঙে কয় যে, অসম তথা ডিমা হাছাও জিলাৰ পৰ্যটন উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতীয় ৰে'ল বিভাগ, ৰাজ্য চৰকাৰ আৰু পৰ্যটন বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ।

কিয়নো, ভিষ্টাডম ৰে'ল সেৱা আৰম্ভ হোৱাৰ বাবে নিশ্চিতভাৱে পাহাৰীয়া জিলাখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব আৰু সমান্তৰালকৈ হোটেলৰ ব্যৱসায় উন্নত কৰাৰ লগতে আৰু অটো ৰিক্সা আৰু টেক্সি চালকৰ উপাৰ্জন বৃদ্ধি হ'ব । তেওঁ কয় যে, পৰ্যটকৰ বাবে পাহাৰীয়া জিলাত হোটেল, পৰ্যটন বিভাগৰ লজ, গেষ্ট হাউচ আৰু হোম ষ্টে-ৰ ব্যৱস্থা কৰাৰ উপৰিও বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানৰ লগত আৰু ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে আলোচনা অব্যাহত আছে । ডিমা হাছাও জিলাত হোটেলৰ ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত আলোচনা কৰা হৈছে । লগতে পৰ্যটকৰ সুবিধাৰ্থে টুৰিষ্ট গাইডৰ ব্যৱস্থা কৰাৰ বাবেও আলোচনা অব্যাহত আছে বুলি মনজিৎ নাইডিঙে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বুঢ়াচাপৰিত চোৰাং গৰুসহ ৩ সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.