7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 17, 2022, 6:48 PM IST

top-10-at-7-pm

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰে (Victor Das got bail)। শনিবাৰে CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হয় । মুকলি আকাশৰ তললৈ আহিয়ে অসমবাসীক ধন্যবাদ জনালে ভিক্টৰ দাসে । সংবাদকৰ্মীকো ধন্যবাদ জনালে ভিক্টৰ দাসে ।

হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ

ইৰাণ প্ৰশাসনৰ বৰ্বতাৰ বলি হৈ মৃত্যু ঘটে এগৰাকী যুৱতীৰ (youth girl died in Iran)৷ হিজাব পৰিধান কৰাৰ নিয়ম অনুসৰণ নকৰাৰ অভিযোগত কিছুদিনৰ পূৰ্বে তেহৰাণত মহছা আমিনী নামৰ এগৰাকী 22 বছৰীয়া যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Mahsa Amini detained by police for not wearing Hijab)৷ ইয়াৰ পিছতে শনিবাৰে মহছাই আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি লয় (Mahsa Amini died in polce custody)৷

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী ড্ৰাগ ইঞ্চপেক্টৰ

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ যোৰহাটত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে এগৰাকী ঘোচখোৰ মহিলা বিষয়াক ৷

বাৰাণসীত মোদীৰ জন্মদিনত যুৱকসকলৰ টেটু অংকন

বহুতো যুৱকে তেওঁলোকৰ হাতত 'হেপ্পী বাৰ্থডে মোদী' (youth got modi tattoos on hand in varanasi) টেটু অংকন কৰে । সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দীৰ্ঘ জীৱনৰ শুভেচ্ছা জনায় । ইটিভি ভাৰতৰ প্ৰতিনিধিয়ে উক্ত যুৱসকলৰ সৈতে বাৰ্তালাপ কৰে । তাত তেওঁলোকে কয় যে দেশৰ প্ৰধানমন্ত্ৰী বাৰাণসীৰ সাংসদ হোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় ।

আপ বিধায়ক আমানতুল্লা খানক আদালতত হাজিৰ

শুকুৰবাৰে দিল্লী ৱাকফ বোৰ্ডত অনিয়মৰ সন্দৰ্ভত বিধায়কজনক কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰাৰ পিছত এচিবিয়ে খানক গ্ৰেপ্তাৰ কৰে (ACB arrested AAP MLA Amanatullah Khan)।

পশ্চিমবংগৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ তিতাগড়ত এই ঘটনা সংঘটিত হৈছে । ফ্ৰী ইণ্ডিয়া হাইস্কুলত পুৱা প্ৰায় ১২ মান বজাত বোমা বিস্ফোৰণ হয় (Bomb explodes at West Bengal)। বিদ্যালয়ৰ চাদৰ অংশ ভাঙি যায় ।

স্থানীয় ভাষা জনা লোককহে বেঙ্কত নিয়োগ কৰিব লাগিব, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

মুম্বাইত ইণ্ডিয়ান বেঙ্কছ এছোচিয়েচনৰ (Indian Banks Association) ৭৫ সংখ্যক বার্ষিক অধিবেশনত শনিবাৰে সীতাৰমণে কয়, ‘‘বেঙ্কৰ কোনো কর্মচাৰীয়ে যদি আঞ্চলিক ভাষাত কথা নাপাতে আৰু হিন্দী ক'ব নোৱাৰাৰ বাবে গ্রাহকৰ দেশভক্তি সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে, মোৰ ভাব হয় সেইটো ব্যৱসায়ৰ বাবে একেবাৰেই ভাল নহয়।’’

ৰাণী এলিজাবেথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা, এজনক গ্ৰেপ্তাৰ

ব্ৰিটেইনৰ পাব্লিক অৰ্ডাৰ এক্টৰ অধীনত লোকজনত গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰা মতে লোকজনে ৰাণীৰ কফিনৰ ফালে দৌৰি গৈছিল (Man arrested for running up towards Queens coffin)। য'ত প্ৰয়াত ৰাণীৰ কফিনটো ইম্পেৰিয়েল মুকুট আৰু অন্যান্য ৰাজকীয় সামগ্ৰীৰ সৈতে ৰখা হৈছিল ।

IRCTC scam : তেজস্বী যাদৱৰ জামিন বাতিলৰ বাবে আদালতক আহ্বান চিবিআইৰ

আদালতত দিয়া বিবৃতিত চিবিআয়ে অভিযোগ কৰে যে যাদৱে এক সংবাদমেলৰ সময়ত আক্ৰোশমূলক আৰু ভাবুকিমূলক মন্তব্য কৰিছিল, যাক ভাবুকি হিচাপে গণ্য কৰিব পাৰি (CBI alleged Yadav made threatening remarks) । আৰু সেয়েহে ই গোচৰটোৰ ফলাফলত প্ৰভাৱিত কৰিব ।

মহানগৰীত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা

ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা (Vishwakarma Puja in Assam) ৷ বিগত দুবছৰ ধৰি ক'ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলিমূৰীয়াকৈ ৰাজ্যৰ চৌদিশে বিশ্বকৰ্মা পূজা আনুষ্ঠিত হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে মহানগৰীতো এইবাৰ বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.