3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Aug 27, 2021, 3:01 PM IST

TOP 10 AT 3PM

3 বজাৰ দহটা শীৰ্ষ খবৰ

1. দিল্লীৰ পৰা অসমলৈ কোনে কুৰিয়াৰত পঠিয়ায় কোকেইন ?

বিগত প্ৰায় 6 মাহ ধৰি দক্ষিণ দিল্লীৰ পৰা অসমৰ এক নিৰ্দিষ্ট ঠিকনালৈ সৰবৰাহ হৈ আহিছে কোকেইন । দক্ষিণ দিল্লীৰ পৰা গুৱাহাটীৰ এই নিৰ্দিষ্ট ঠিকনাটোলৈ কোকেইন আহে কুৰিয়াৰ চাৰ্ভিছত । কিন্তু কোন দিল্লীৰ পৰা অসমলৈ পঠায় কোকেইন ?

2. এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

লখিমপুৰ, নলবাৰী, তিনিচুকীয়া, নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ স্বাস্থ্যমন্ত্রীৰ । ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত শিশুৰ বাবে আই চি ইউ নির্মাণ প্রায় সম্পূর্ণ । সম্ভাব্য তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ ।

3. অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

কেতিয়া সমাধান হ’ব উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদ(Border Dispute) ? কেতিয়া সামৰণি পৰিব অসমৰ ওপৰত চুবুৰীয়া ৰাজ্যৰ দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণ ? পুনৰ কাছাৰৰ অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ আক্ৰমণ ৷ অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

4. বিদ্ৰোহী সংগঠন DNLAই অগ্নিসংগযোগ কৰিলে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত, নিহত 5

বৃহস্পতিবাৰে হিমা হাছাওত পুনৰ সংঘটিত হ’ল কূটাঘাতমূলক কাৰ্য ৷ পাঁচখনকৈ কয়লা পৰিৱাহী ট্ৰাকত অগ্নিসংগযোগৰ লগতে সংঘটিত গুলিয়াগুলী ৷ ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন ডিএনএলএ জড়িত থকাৰ সন্দেহ ৷

5. আজিৰ পৰা পুনৰ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

অনিদিষ্ট কালৰ বাবে বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা । শুকুৰবাৰৰ পৰা বন্ধ ৰখা হৈছে ফেৰীৰ চলাচল । ফেৰী ঘাটত যাত্ৰীৰ হাহাকাৰ ।

6. বোকাজানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ চাৰিজনক আটক

বোকাজানত সেনা আৰক্ষীৰ যৌথ অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ চাৰিজনক আটক ৷ আটকাধীন লোককেইজন উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হয় নে নহয় সেই লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

7. মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নাম-প্ৰসংগৰে মুখৰিত বৰপেটা সত্ৰ

সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি বৰপেটা সত্ৰত(Barpeta Satra) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ(Madhavdev) 425 সংখ্যক তিৰোভাৱ তিথি পালন ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গায়ন-বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি অনুষ্ঠিত কৰে কীৰ্তন মহোৎসৱ(Kirtan Mahotsav) ৷

8. মূল বান্ধৰ ওপৰেদি পানী বৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেদি বৈছে পানী ৷ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা 2000 মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম সম্প্ৰতি প্ৰায় 75 % সম্পূৰ্ণ হৈছে ৷ কংক্ৰিটেৰে নিৰ্মাণ কৰা 116 মিটাৰ উচ্চতাৰ বান্ধটোৰ নিৰ্মাণ কাম দ্ৰুতগতিত চলি আছে।

9. পদুমণিত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

চামগুৰিৰ পদুমণি তিনিআলিত বৃহস্পতিবাৰে নিশা পুনৰ বন্যহস্তীৰ উপদ্ৰৱ(Wild Elephant Terror) । এটা বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । এখন হোটেলৰ পকী ৱাল ভাঙি পেলোৱাৰ লগতে তহিলং কৰিলে যথেষ্ট পৰিমাণৰ খাদ্য সামগ্ৰী । এখন চেলুনৰো বেৰ ভাঙি আইনাৰ লগতে লণ্ড-ভণ্ড কৰিলে আচবাব ।

10. স্বামী-স্ত্ৰীৰ মাজত বলপূৰ্বকভাৱে হোৱা যৌন সম্পৰ্ক ধৰ্ষণ নহয়: ছট্টিশগড় উচ্চ ন্যায়ালয়

'পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে অথবা বলপূৰ্বকভাৱে স্বামীয়ে পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰিলেও সেয়া ধৰ্ষণ নহয়' । বৃহস্পতিবাৰে এই ৰায়দান কৰিলে ছট্টিশগড় উচ্চ ন্যায়ালয়ে(Chhattisgarh high court) । ন্যায়াধীশ এন কে চন্দ্ৰবংশীৰ বিচাৰপীঠে এই ৰায়দান কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.