Memorandum by TMC: দৰমহা মোকলাই দিয়াৰ দাবীত তৃণমূল কংগ্ৰেছৰ স্মাৰকপত্ৰ

author img

By

Published : Aug 1, 2022, 10:40 PM IST

Trinamool Congress Submit memorandum

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবক স্মাৰকপত্ৰ তৃণমূল কংগ্ৰেছৰ । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ আৰু হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিয়াৰ দাবী তৃণমূল কংগ্ৰেছৰ(Memorandum to NCHAC principal secretary by TMC) ৷

ডিমা হাছাও, 1 আগষ্ট: তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে সোমবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবক সাক্ষাৎ কৰি পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহা অনতিপলমে মোকলাই দিয়াৰ দাবী জনায়(Principal Secretary of North Cachar Hills Autonomous Council) । উল্লেখ্য যে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ দৰমহা বিগত 7 মাহৰ পৰা বন্ধ হৈ আছে । আনহাতে হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকলে বিগত 18 মাহৰ পৰা নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে ।

যাৰবাবে এইসকল কৰ্মচাৰীৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে ৷ বহু কৰ্মচাৰীয়ে দৰমহা নাপাই তেওঁলোকৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে নিজৰ পুত্ৰ-কন্যাৰ বিদ্যালয়ৰ মাচুল দিয়াত ব্যৰ্থ হৈছে । যাৰবাবে সোমবাৰে তৃণমূল কংগ্ৰেছে এইসকলৰ কৰ্মচাৰীৰ দৰমহা অনতিপলমে দিয়াৰ দাবী জনায় পাৰ্বত্য পৰিষদৰ প্ৰধান সচিবক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

তৃণমূল কংগ্ৰেছৰ নেতা জুৱেল চেংয়ুং

তৃণমূল কংগ্ৰেছৰ নেতা জুৱেল চেংয়ুঙে উল্লেখ কৰা অনুসৰি পৰিষদে তেওঁলোকৰ ৰাজহ নোপোৱাৰ বাবে কৰ্মচাৰীসকলৰ দৰমহা দিয়াত অসুবিধা হৈছে বুলি পাৰ্বত্য পৰিষদ কৰ্তৃপক্ষই জানিবলৈ দিয়ে । তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে, কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ দায়িত্ব বিজেপি চৰকাৰৰ আৰু তেওঁলোকে যেনে তেনে কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিব লাগিব ।

জুৱেল চেংয়ুঙে আৰু কয় যে, 2022 চনৰ 19 জানুৱাৰী হাফলঙত অসম কেবিনেট অনুষ্ঠিত হৈছিল(Assam cabinet at Haflong) ৷ সেই সময় কেবিনেটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব পৰিষদৰ গ্ৰেড 1 আৰু গ্ৰেড 2 কৰ্মচাৰীসকলৰ দৰমহা ৰাজ্য চৰকাৰে দিয়াৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু আজিলৈকে তেওঁলোকৰ দৰমহা পাৰ্বত্য পৰিষদ বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হোৱা নাই । এনে অৱস্থাত উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ আৰু হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকলে দৰমহা অনতিপলমে মোকলাই নিদিলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে তৃণমূল কংগ্ৰেছৰ নেতা জুৱেল চেংয়ুঙে ।

লগতে পঢ়ক : Felicitation Ceremony at Assam Secretariat : অসম সচিবালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.