ডিমা হাছাওত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
Published: Nov 21, 2023, 7:40 PM

ডিমা হাছাওত তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
Published: Nov 21, 2023, 7:40 PM
ডিমা হাছাও জিলাত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি শতাধিক পুৰুষ-মহিলাৰ তৃণমূল কংগ্ৰেছ দলত যোগদান । ডিমা হাছাও জিলাৰ মাহুৰত অনুষ্ঠিত হয় ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচী । মাহুৰ অডিটৰিয়াম হলত ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমি, সহ-সভাপতি ৰূপছ পুৰুচাকে আদি কৰি তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীৰ উপস্থিতিত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি শতাধিক পুৰুষ আৰু মহিলাই তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ।
ডিমা হাছাও,২১ নৱেম্বৰ : উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সমাগত । ৰাজ্যিক নিৰ্বাচন আয়োগে এতিয়াও নিৰ্বাচনৰ দিন আৰু তাৰিখ ঘোষণা কৰা নাই যদিও ডিমা হাছাও জিলাত বাৰুকৈয়ে বলিছে নিৰ্বাচনৰ বতাহ । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ডিমা হাছাও জিলাত নিৰ্বাচনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলে । ইয়াৰ মাজতে মাহুৰত অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছ দলত এই যোগদান কাৰ্যসূচী ।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিয়ে সাংবাদিকৰ আগত কয় যে ডিমা হাছাও জিলাত তৃণমূল কংগ্ৰেছত যোগদান কাৰ্যসূচী চলি আছে আৰু এই কাৰ্যসূচী অব্যাহত থাকিব । আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে পৰিষদৰ ২৮ টা সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰি আহিছে যদিও অহা নিৰ্বাচনত বিজেপি দলৰ পক্ষে পৰিষদৰ ২৮ টা সমষ্টিৰ ভিতৰত ১১ টা সমষ্টিত জয়লাভ কৰা প্ৰায় অসম্ভৱ হ'ব বুলি দাবী কৰে আচিং জেমিয়ে ।
লগতে তেওঁ উল্লেখ কৰে যে বাকী ১৭ টা সমষ্টিতো বিজেপি দল কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব । কিয়নো পৰিষদৰ ২৮ টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ একাধিক, কিন্তু টিকট প্ৰদান কৰিব এজন প্ৰাৰ্থীক । এই অৱস্থাত বহু প্ৰাৰ্থিত্বৰ দাবীদাৰে টিকট নাপাই হয়তো তৃণমূল কংগ্ৰেছ নহ'লে কংগ্ৰেছ দলত যোগদান কৰিব আৰু কিছুৱে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।
ইয়াৰোপৰি নেতাগৰাকীয়ে জনাই যে, ইতিমধ্যে কিছু কিছু বিজেপি নেতাই তৃণমূল কংগ্ৰেছৰ লগত যোগাযোগ অব্যাহত ৰাখিছে । এতিয়া বিজেপি দুই তিনিটা দলত বিভক্ত হোৱাত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ মাজতে যি ব্যৱধানৰ সৃষ্টি হৈছে সেয়া জিলাৰ সকলেই জানে । ইয়াৰ পৰিণতি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত পৰিলক্ষিত হ'ব । আচিং জেমিয়ে লগতে দাবী কৰে যে তৃণমূল কংগ্ৰেছ অবিহনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত কোনেও মুখ্য কাৰ্যবাহী সদস্য পদত বহিব নোৱাৰিব । এইবাৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত তৃণমূল কংগ্ৰেছে ক্ষমতা দখল কৰিব বুলি তেওঁ সজোৰে দাবী উত্থাপন কৰে ।
