Dima Hasao DNLA attack: ডি এন এল এৰ আক্ৰমণত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি

author img

By

Published : Dec 7, 2021, 7:18 PM IST

Updated : Dec 7, 2021, 10:13 PM IST

ডি এন এল এৰ আক্ৰমণত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি

অস্ত্ৰ বিৰতিত থকা সসস্ত্ৰ সংগঠন ডি এন এল এৰ আক্ৰমণত সোমবাৰে দুজন লোকৰ মৃত্যু হোৱাৰ পিছত চিকিৎসাধীন অৱস্থাত তৃতীয়জন আহতৰ মৃত্যু হয় (Three locals thrash to death by insurgent group DNLA) ৷ আনহাতে সংগঠনটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ এতিয়াও চিকিৎসাধীন অৱস্থাত আছে আন আঠজন লোক ৷

ডিমা হাছাও, 7 ডিচেম্বৰ: অস্ত্ৰ বিৰতিত থকা ডিমাছা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডি এন এল এ( Dimasa National Liberation Army DNLA) উগ্ৰপন্থী সংগঠনৰ আক্ৰমণত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পালে (Three locals thrash to death by insurgent group DNLA) ৷ মঙলবাৰে পুৱা হাফলং অসামৰিক চিকিৎসালয়ত মৃত্যু হয় সসস্ত্ৰ সংগঠনটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত তৃতীয়জন লোকৰ । উগ্ৰপন্থী সংগঠনটোৰ নিৰ্মম অত্যাচাৰত নিহত হোৱা তৃতীয়জন লোকৰ নাম হ’ল অপৰাজ লাংথাচা ৷

উল্লেখ্য যে, সোমবাৰে ডি এন এল এ উগ্ৰপন্থী সংগঠনৰ মানিগিপুৰ ডেজিগনেটেড কেম্পত লাংটিঙৰ পৰা 11 গৰাকী ব্যক্তিক মাতি আনি অমানসিক অত্যাচাৰ চলায় । ইয়াৰোপৰি উগ্ৰপন্থী সংগঠনটোৰ কেম্পত ছয়গৰাকী ব্যক্তিক লাঠিৰে মৰিয়াই মৰিয়াই নৃশংস ভাৱে অত্যাচাৰ চলাোৱাৰ ফলত সোমবাৰে নিহত হৈছিল অমল গোস্বামী আৰু ৰামচৰণ লাংথাচা নামৰ দুজন ব্যক্তি ৷

আনহাতে গুৰুতৰভাৱে আহত হৈ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে নিৰিংদ বাতাৰি(19), যমুনাচাং হাচনু (26), অবিনাশ থাওসেন(22), দীপলাল দিবৰাগেদে(20), জয়পৰাজ নুনিছা(19), মনদিছ লাংথাচা(40), ৰমেশ হাগজেৰ(38) আৰু ৰাজু আৰদাও(22) ।

লগতে পঢ়ক: Nagaland Firing Incident: নাগালেণ্ডৰ ঘটনাক ‘ভুল পৰিচয়ৰ ঘটনা' আখ্যা গৃহমন্ত্ৰীৰ

ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই জানিবলৈ দিয়া অনুসৰি, এই ঘটনাৰ লগত জড়িত ডিমাচা নেচনেল লিবাৰেচন আৰ্মীৰ 5 গৰাকী সদস্যক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী সদস্যকেইজন হ’ল, জুদিনান হাফলংবাৰ ওৰফে আমেৰিকা, প্ৰীতমজিৎ জিডোং ওৰফে গালা, ডিফলজিং লাংথাচা ওৰফে দাওৰাজা, নৱজিত ফংলো ওৰফে নাগাহোজা আৰু নতুনজয় নুনিছা ।

উল্লেখ্য যে, যোৱা 13 নৱেম্বৰত ডিমা হাছাও জিলাৰ খেপ্ৰেতত ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ 47 গৰাকী সদস্যই অস্ত্ৰ বিৰতি ঘোষণা কৰি শান্তিৰ পথলৈ ঘূৰি আহিছিল আৰু উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মাইবাং কেম্পত আৰক্ষীৰ বেষ্টনীৰ মাজত ৰখা হৈছিল ৷ ইয়াৰ পিছতে কেনেদৰে এই ঘটনা সংঘটিত হ’ল ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক: Nagaland firing : কেন্দ্ৰ, নাগালেণ্ড চৰকাৰীলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

Last Updated :Dec 7, 2021, 10:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.