ডিমা হাছাও জিলাৰ বিভক্তিকৰণ মানি নলয় দল-সংগঠনে

author img

By

Published : Sep 3, 2022, 7:21 PM IST

Updated : Sep 3, 2022, 7:42 PM IST

student organisation reaction  on bifurcation of dima hasao

সাম্প্ৰদায়িকভাৱে ডিমা হাছাওৰ বিভক্তিকৰণক লৈ জাঙুৰ খাই উঠিছে ডিমা হাছাওৰ দল-সংগঠন(Bifurcation of Dima Hasao District) । কোনো কাৰণতে সাম্প্ৰদায়িকভাবে ডিমা হাছাও জিলাৰ বিভক্তিকৰণ মানি লোৱা নহ'ব । ডিমাছা ষ্টুডেন্টচ ইউনিয়ন, সদৌ ডিমাছা ছাত্ৰ সংন্থা আৰু সামাজিক সংগঠন ডিমা জালাই হাচমে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ।

ডিমা হাছাও,৩ ছেপ্টেম্বৰ: সাম্প্ৰদায়িকভাবে ডিমা হাছাও জিলাৰ বিভক্তিকৰন(Bifurcation of Dima Hasao District) মানি নলয় ডিমাছা ষ্টুডেন্টচ ইউনিয়ন, সদৌ ডিমাছা ছাত্ৰ সংন্থা আৰু সামাজিক সংগঠন ডিমা জালাই হাচমে । এই সন্দৰ্ভত শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে এখন যৌথ স্মাৰকপত্ৰ । ডিমাছা ষ্টুডেন্টচ ইউনিয়ন,সদৌ ডিমাছা ছাত্ৰ সংন্থা আৰু ডিমা জালাই হাচম নামৰ সংগঠনে ডিমা হাছাও জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত আনিছ ৰুসুল মজুমদাৰৰ জৰিয়তে প্ৰেৰণ কৰে স্মাৰক পত্ৰখনি ।

সাম্প্ৰদায়িকভাৱে ডিমা হাছাও জিলাৰ বিভক্তকৰণ মানি নলয় দল-সংগঠনে

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা ইণ্ডিজিনিয়াচ পিপ'লচ ফৰাম আৰু ইণ্ডিজিনিয়াচ ষ্টুডেন্টস ফৰামে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম সলনি কৰি ডিমা হাছাও কৰাৰ পিছৰ পৰা ডিমা হাছাও জিলাক দুই ভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবীত আন্দোলন কৰি আহিছে । শনিবাৰে গুৱাহাটীত ইণ্ডিজিনিয়াচ পিপ'লছ ফৰাম আৰু ইণ্ডিজিনিয়াচ ষ্টুডেন্টস ফৰামৰ লগতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী গোটৰ কমিটিৰ লগতে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ বিষয়টো তাৎপৰ্যপূৰ্ণ ।

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি সংবাদ মাধ্যমৰ আগতে ডিমাছা ষ্টুডেন্টচ ইউনিয়নৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুং আৰু সদৌ ডিমাছা ছাত্ৰ সংন্থাৰ সভাপতি উত্তম লাংথাচাই কয় যে সাম্প্ৰদায়িকভাবে ডিমা হাছাও জিলাৰ বিভক্তিকৰন কোনো অৱস্থাতে মানি লোৱা নহ'ব । দীৰ্ঘদিনৰ পিছত ডিমা হাছাওলৈ শান্তি ঘূৰি আহিছে আৰু ইণ্ডিজিনিয়াচ পিপলছ ফৰাম আৰু ইণ্ডিজিনিয়াচ ষ্টুডেন্টচ ফৰামে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন জিলা গঠনৰ দাবীত পাহাৰীয়া জিলাত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে ।

তথাকথিত সংগঠন দুটাই যেতিয়া ডিমা হাছাও বন্ধ বা পথ অৱৰোধ কৰাৰ বাবে যেতিয়া সংবাদ মাধ্যমৰ জৰিয়তে বিবৃতি প্ৰদান কৰে তেতিয়া ৰাজ্য চৰকাৰে তেওঁলোকক আলোচনালৈ মাতে আৰু এই সকল বৈঠকত কি আলোচনা হয় সেয়া ৰাজহুৱা কৰা নহয় বুলিও অভিযোগ উত্থাপন কৰে সংগঠন কেইটাই ।

অন্যহাতে ডিমাছা ষ্টুডেন্টচ ইউনিয়ন আৰু সদৌ ডিমাছা ছাত্ৰ সংন্থাই বাৰম্বাৰ পাহাৰীয়া বিভিন্ন সমস্যা যেনে ডিমা হাছাও জিলাত বিশ্ববিদ্যালয় স্থাপন, বিজ্ঞান কলেজ স্থাপন আদিকে ধৰি বিভিন্ন সমস্যাৰ দাঙি ধৰি স্মাৰকপত্ৰ চৰকাৰৰ ওচৰতে প্ৰদান কৰাৰ পিচতো চৰকাৰে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও অভিযোগ উত্থাপন কৰে । লগতে প্ৰমিত চেংয়ুঙে কয় যে সব কা সাথ সব বিকাশৰ কথা কোৱা চৰকাৰখনে যাতে ডিমা হাছাও জিলাৰ সামগ্ৰিক উন্নয়ন আৰু সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক: অংকিতা দত্তলৈ অন্যায়ভাৱে চমন জাৰি কৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ

Last Updated :Sep 3, 2022, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.