ডিমা হাছাও জিলাত স্কিল ডেভলপমেণ্ট চেণ্টাৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 28, 2022, 8:54 PM IST

Skill Development Center inaugurated in Dima Hasao by Assam CM

বিভিন্ন কাৰ্যসূচীৰে সৈতে আজি গুৱাহাটীৰ পৰা ডিমা হাছাও জিলাৰ দিয়ুংমুখত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma at Dima Hasao)। অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ দিয়ুংমুখৰ আৰদা গাঁৱত স্বাধীনতা সংগ্ৰামী বীৰ শম্ভূধন ফংলোৰ নামত আজি এখন স্কিল ডেভলপমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ডিমা হাছাও, 28 ছেপ্টেম্বৰ: আজি গুৱাহাটীৰ পৰা ডিমা হাছাওৰ দিয়ুংমুখত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma at Dima Hasao)৷ প্ৰায় 70 কোটি 60 লক্ষ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা স্কিল ডেভেল'পমেণ্ট চেণ্টাৰৰ উদ্বোধন কৰি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ডি এইচ ডি আৰু ডি এইচ ডি (জে) উগ্ৰপন্থী সংগঠনৰ লগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি বুজাবুজিৰ চুক্তিৰ (Memorandum of understanding) স্বাক্ষৰিত হৈছিল ৷

সেই চুক্তিৰ অধীনত ড'নাৰ মন্ত্ৰণালয়ৰ পৰা দুটা কিস্তিত 34 কোটি আৰু 36 কোটি 60 লক্ষ টকাৰ পুঁজি আৱন্টন কৰা হৈছিল ৷ এই পুঁজিৰ জৰিয়তে দিয়ুংমুখত এখন স্কিল ডেভলপমেণ্ট চেণ্টাৰ নিৰ্মাণ কৰি উলিওৱা হয় ৷ স্বাধীনতা সংগ্ৰামী বীৰ শম্ভূধন ফংলোৰ নামত উৎসৰ্গিত কৰা স্কিল ডেভলপমেণ্ট চেণ্টাৰটো মুকলি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই চেণ্টাৰটোৰ জৰিয়তে ডিমা হাছাও জিলাৰ যুৱক-যুৱতীসকল উপকৃত হ’ব আৰু নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থানৰ পথ মুকলি হ’ব বুলি মন্তব্য আগবঢ়ায় ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচ’ত(Assam CM Himanta Biswa Sarma at Umrangso) । উমৰাংচ’ত মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই গোবিন্দ নগৰত এটা গণেশ মন্দিৰ উদ্বোধন কৰাৰ লগতে চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ৰ হোষ্টেল আৰু যমুনা দেৱী সৰস্বতী বিদ্যা মন্দিৰ উদ্বোধন কৰে ।

ডিমা হাছাও জিলাত স্কিল ডেভলপমেণ্ট চেণ্টাৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা(Power minister Nandita Garlosa) , উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, পাৰ্বত্য পৰিষদৰ অধ্যক্ষা ৰানু লাংথাচা, জিলা উপায়ুক্ত নাজৰিন আহমেদ আৰু উত্তৰ-কাছাৰ পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যসকল ।

লগতে পঢ়ক: Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.