ডিমা হাছাওত ডিমাচা জনজাতিৰ সংবাদমেল

author img

By

Published : Sep 11, 2022, 5:09 AM IST

Press conference of Dimasa tribe in Dima Hasao

শনিবাৰে ডিমা হাছাওত আয়োজন কৰা হয় ডিমাচা জনজাতিৰ এখনি সংবাদমেল (Press conference of Dimasa tribe in Dima Hasao) ৷ এই সংবাদ মেলত দেওবাৰে হ’ব লগা ইণ্ডিজনাচ পিপলছ ফৰাম ইণ্ডিজিনাচ ষ্টুডেন্টস ফৰামে অনুষ্ঠিত কৰিব লোৱা আলোচনা চক্ৰৰ তীব্ৰ বিৰোধীতা কৰে ৷

ডিমা হাছাও, 10 ছেপ্টেম্বৰ : দেওবাৰে ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন আৰু পি আৰ চি ভেৰিফিকেচন সন্দৰ্ভত দিছ্পুৰত ইণ্ডিজনাচ পিপলছ ফৰাম ইণ্ডিজিনাচ ষ্টুডেন্টস ফৰামে অনুষ্ঠিত কৰিব এক আলোচনা চক্ৰ ৷ এই আলোচনাৰ তীব্ৰ বিৰোধিতা কৰি সৰৱ হৈ পৰিছে ডিমাছা জনগোষ্ঠীৰ সামাজিক সংগঠন জাদিখে নাইচ হচম, ডিমাছা ষ্টুডেন্টস ইউনিয়ন, সদৌ ডিমাছা ছাত্ৰ সংস্থাৰ লগতে বিভিন্ন ডিমাছা সংগঠন (Press conference of Dimasa tribe in Dima Hasao) ।

শনিবাৰে ডিমাছা ষ্টুডেন্টস ইউনিয়নৰ হাফলংস্থিত সদৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি ডিমাছা জনগোষ্ঠীৰ সামাজিক সংগঠন জাদিখে নাইচ হচমৰ সভাপতি কল্যান দাওলাগাপুয়ে অভিযোগ কৰি কয়, কিছুদিনৰ পৰা ডিমা হাছাও জিলাত শান্তি ভংগ কৰিব বিচাৰিছে ইণ্ডিজিনাচ পিপলছ ফৰাম নামৰ সংগঠনটোৱে ।

লগতে তেওঁ কয়, ‘‘উন্নয়নৰ বাবে শান্তি জৰুৰী ৷

লগতে পঢ়ক : গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত মহাৰাষ্ট্ৰত ১৯ জন নিহত

শান্তি আহিলে উন্নয়ন হ’ব ৷ আমি ডিমাছা সংগঠনসমূহ বন্ধ কালচাৰৰ বিৰোধী সদায় । কল্যান দাওলাগাপূৰ অভিযোগ অসম চৰকাৰ সাম্প্ৰদায়িক দৃষ্টি ভংগীৰে ইণ্ডিজিনাচ পিপলছ ফৰামৰ লগতে আলোচনা কৰি আছে’’ । তেওঁ কয়, ‘‘সাম্প্ৰদায়িক দৃষ্টি ভংগীত আমি কেতিয়াও ডিমা হাছাও জিলাৰ বিভক্তিকৰণ মানি নলওঁ’’ ।

কল্যান দাওলাগাপুয়ে সংবাদমেলত কয়, ‘‘ডিমা হাছাও জিলা দুভাগ কৰি দুখন জিলা গঠনৰ দাবীত চৰকাৰে ইণ্ডিজিনাচ পিপলছ ফৰামৰ লগতে আলোচনাৰ সময়ত ডিমা হাছাও জিলাৰ আৰু বিভিন্ন দল সংগঠনক আলোচনাত মাতি আলোচনা কৰিব লাগিছিল ৷ কিন্তু চৰকাৰে সেয়া কৰা নাই আৰু ইণ্ডিজিনাচ পিপলছ ফৰামৰ লগতে অসম চৰকাৰৰ এই আলোচনা আমি সমৰ্থন নকৰো’’ ।

লগতে তেওঁ কয়, ‘‘আমি ডিমা হাছাও জিলাৰ বিভিন্ন সমস্যা লৈ ৰাজ্য চৰকাৰক ইমান স্মাৰকপত্ৰ প্ৰদান কৰিছো ৷ কিন্তু আজিলৈকে ৰাজ্য চৰকাৰে আমাৰ সমস্যাবোৰ লৈ একো পদক্ষেপ লোৱা নাই বা আমাক আলোচনা লৈ মতা নাই । সেয়ে ইয়াৰ প্ৰতিবাদত আমি অহা 12 ছেপ্টেম্বৰ সমগ্ৰ ডিমা হাছাও জিলাৰ সকলো স্থানত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো’’ ।

লগতে পঢ়ক : মাতৃৰ সন্মুখেৰে চোঁচৰাই লৈ যোৱা হ’ল ভিক্টৰ দাসক, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মাতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.